যিহো 19:47 - ইণ্ডিয়ান ৰিভাইচ ভাৰচন (IRV) আচামিচ - 2019 কিন্তু দানৰ উত্তৰাধিকাৰৰ সেই অঞ্চল যেতিয়া হেৰুৱালে, তেতিয়া দানে লেচমৰ বিৰুদ্ধে যুদ্ধ-যাত্ৰা কৰি, তাক হাত কৰি ল’লে৷ তেওঁলোকে সেই ঠাইৰ সকলোকে তৰোৱালেৰে বধ কৰি, সেই ঠাই অধিকাৰ কৰি তাত বাস কৰিলে৷ তেওঁলোকে নিজৰ পূৰ্বপুৰুষ দানৰ নামেৰে লেচমৰ নামো দান ৰাখিলে। |
এইটোৱেই আছিল দানৰ ফৈদৰ উত্তৰাধিকাৰ আৰু গাৱঁৰে সৈতে নগৰবোৰ তেওঁলোকক বংশ অনুসাৰে দিয়া হৈছিল৷