অনলাইন বাইবেল

বিজ্ঞাপন


গোটেই বাইবেলখন অ.টি. নতুন নিয়ম




যিহো 19:40 - ইণ্ডিয়ান ৰিভাইচ ভাৰচন (IRV) আচামিচ - 2019

সপ্তমবাৰ চিঠি খেলাতে দান ফৈদৰ নাম উঠিল আৰু তেওঁলোকৰ বংশ অনুসাৰে তাক দিয়া হ’ল৷

অধ্যায়টো চাওক



যিহো 19:40
7 পৰস্পৰ সংযোগসমূহ  

ৰাহেলৰ দাসী বিলহাৰ গর্ভত তেওঁৰ পুত্র দান আৰু নপ্তালী।


ফৈদবোৰ এই এই নাম। একেবাৰে মূৰত উত্তৰ ফালে হিতলোনৰ বাটৰ কাষেদি হমাতৰ প্ৰৱেশস্থানলৈকে দম্মেচকৰ সীমাত থকা হচৰ-ঐননলৈকে, উত্তৰফালে হমাতৰ কাষত পূৱ আৰু পশ্চিমলৈ দানে এক অংশ পাব।


কিন্তু চিঠি খেলৰ দ্ৱাৰাই দেশ ভাগ কৰা হ’ব; নিজ নিজ পিতৃ বংশৰ নাম অনুসাৰে তেওঁলোকে উত্তৰাধীকাৰ পাব।


এইদৰে যিহোচূৱাই পৰ্ব্বতীয়া অঞ্চল, দক্ষিণ অঞ্চল, নিম্ন ভূমি আৰু উপপৰ্ব্বতৰ অঞ্চলসমূহৰ এই সকলো দেশ জয় কৰিলে৷ সেই অঞ্চলবোৰৰ সকলো ৰজাক আৰু প্ৰত্যেক জীৱক অৱশিষ্ট নৰখাকৈ বধ কৰিলে। তেওঁ ইস্ৰায়েলৰ ঈশ্বৰ যিহোৱাৰ আজ্ঞা অনুসাৰে সকলো জীৱন্ত প্ৰাণীক নিঃশেষে বিনষ্ট কৰিলে।


এয়ে আছিল নপ্তালীৰ ফৈদৰ উত্তৰাধিকাৰ। এই নগৰবোৰ তেওঁলোকৰ বংশক গাওঁবোৰৰ সৈতে দিয়া হৈছিল।


তেওঁলোকৰ উত্তৰাধিকাৰৰ অঞ্চলত চৰা, ইষ্টায়োল, ঈৰ-চেমচ,


সেই সময়ত ইস্ৰায়েলৰ মাজত ৰজা নাছিল আৰু দান ফৈদে নিজে বাস কৰিবৰ অৰ্থে কোনো স্‍হায়ী ঠাই পোৱা নাছিল; কিয়নো তেওঁলোকৰ নিজৰ মাটি-বাৰী নাছিল। ইস্ৰায়েলৰ পৰিয়ালৰ আন লোকসকলে ইতিমধ্যে মাটি-বাৰী পাইছিল। কিন্তু দানৰ গোষ্ঠীৰ লোকসকলে মাটি-বাৰী পোৱা নাছিল।