পাছত যোচেফৰ পুত্ৰ মনচিৰ গোষ্ঠীৰ মাজৰ মনচিৰ বৃদ্ধ পৰিনাতি, মাখীৰৰ পৰিনাতি, গিলিয়দৰ নাতি হেফৰৰ পুত্র চলফাদৰ জীয়েক যি মহলা, নোৱা, হগ্লা, মিল্কা আৰু তিৰ্চা, তেওঁলোক মোচিৰ ওচৰলৈ আহিল।
যিহো 17:4 - ইণ্ডিয়ান ৰিভাইচ ভাৰচন (IRV) আচামিচ - 2019 তেওঁলোকে ইলিয়াজৰ পুৰোহিত, নুনৰ পুত্ৰ যিহোচূৱা আৰু অধ্যক্ষসকলৰ ওচৰলৈ আহি ক’লে, “যিহোৱাই মোচিক আমাৰ ভাইসকলৰ সৈতে আমাকো উত্তৰাধিকাৰ দিবলৈ আজ্ঞা কৰিছিল৷” তেতিয়া যিহোৱাৰ আজ্ঞা অনুসাৰে, ইলিয়াজাৰে তেওঁলোকক তেওঁলোকৰ পিতৃৰ ভাইসকলৰ মাজত উত্তৰাধিকাৰৰ ভাগ দিলে। |
পাছত যোচেফৰ পুত্ৰ মনচিৰ গোষ্ঠীৰ মাজৰ মনচিৰ বৃদ্ধ পৰিনাতি, মাখীৰৰ পৰিনাতি, গিলিয়দৰ নাতি হেফৰৰ পুত্র চলফাদৰ জীয়েক যি মহলা, নোৱা, হগ্লা, মিল্কা আৰু তিৰ্চা, তেওঁলোক মোচিৰ ওচৰলৈ আহিল।
আমাৰ পিতৃৰ পুত্ৰ সন্তান নথকাত তেওঁৰ গোষ্ঠীৰ মাজৰ পৰা তেওঁৰ নাম কিয় লোপ পাব? আমাৰ পিতৃ বংশৰ ভাইসকলৰ মাজত আমাকো আমাৰ উত্তৰাধীকাৰ দিয়ক।”
এতিয়া খ্রীষ্ট যীচুত যি সকল আছে, তেওঁলোকৰ মাজত ইহুদী কি গ্ৰীক, দাস কি স্বাধীনৰ কোনো পার্থক্য নাই; পুৰুষ বা স্ত্রীৰ মাজত কোনো ভেদাভেদ নাই। কিয়নো খ্ৰীষ্ট যীচুত আপোনালোক সকলোৱেই এক।
ইলিয়াজৰ পুৰোহিত, নুনৰ পুত্ৰ যিহোচূৱা আৰু তেওঁলোকৰ জন-গোষ্ঠীৰ মুখিয়াল সকলৰ সৈতে পূর্ব-পুৰুষসকলৰ পৰিয়ালসমূহৰ মাজত ভগাই দিয়া কনান দেশৰ এই অঞ্চলসমূহ ইস্ৰায়েলৰ সন্তান সকলে উত্তৰাধিকাৰ সূত্ৰে পালে৷
তেতিয়া লেবীয়াসকলৰ পিতৃবংশৰ মুখিয়াল লোকসকলে ইলিয়াজৰ পুৰোহিত, নুনৰ পুত্ৰ যিহোচূৱা আৰু ইস্ৰায়েলৰ সন্তান সকলৰ ফৈদৰ পিতৃ-বংশৰ পৰিয়াল সমূহৰ লোকসকলৰ ওচৰলৈ আহিল৷