যাকোবে তেওঁৰ আগে আগে চেয়ীৰ, অর্থাৎ ইদোমৰ অঞ্চললৈ তেওঁৰ ককায়েক এচৌৰ ওচৰলৈ কেইজনমান বার্তাবাহকক পঠালে,
যিহো 13:30 - ইণ্ডিয়ান ৰিভাইচ ভাৰচন (IRV) আচামিচ - 2019 তেওঁলোকৰ সীমা মহনয়িমৰ পৰা সকলো বাচান, বাচানৰ ৰজা ওগৰ গোটেই ৰাজ্য আৰু বাচানত থকা যায়ীৰৰ সকলো নগৰ অৰ্থাৎ ষাঠিখন নগৰ; |
যাকোবে তেওঁৰ আগে আগে চেয়ীৰ, অর্থাৎ ইদোমৰ অঞ্চললৈ তেওঁৰ ককায়েক এচৌৰ ওচৰলৈ কেইজনমান বার্তাবাহকক পঠালে,
তেতিয়া তেওঁলোক ঘূৰি বাচানৰ বাটেদি উঠি গ’ল। তেওঁলোকৰ বিৰুদ্ধে ইদ্ৰেয়ীত যুদ্ধ কৰিবলৈ বাচানৰ ৰজা ওগ আৰু তেওঁৰ সকলো প্ৰজাসকল ওলাল।
সেই সমথলভূমিৰ সকলোবোৰ নগৰ, সমস্ত গিলিয়দ এলেকা আৰু বাচানৰ ৰজা ওগৰ ৰাজ্যৰ সকলো নগৰ, চলখা আৰু ইদ্ৰেয়ীলৈকে গোটেই বাচান দেশ আমি অধিকাৰ কৰিলোঁ।
সেই সময়ত আমি ওগৰ সকলোবোৰ নগৰ অধিকাৰ কৰি লৈছিলোঁ; তেওঁৰ ষাঠিখন নগৰৰ সকলোৱেই আমি দখল কৰিছিলোঁ; এটাও বাদ নপৰিল। অর্গোবৰ সমগ্র অঞ্চল অর্থাৎ বাচান দেশৰ ৰজা ওগৰ ৰাজ্য আমি অধিকাৰ কৰি লৈছিলোঁ।
মোচিয়ে মনচিৰ আধা জন-গোষ্ঠীক উত্তৰাধিকাৰী হ’বলৈ দিলে৷ মনচিৰ সন্তান সকলৰ আধা গোষ্ঠীয়ে সেই উত্তৰাধিকাৰ নিজ নিজ বংশ অনুসাৰে পালে।
কিয়নো পুত্ৰ সন্তান সকলৰ সৈতে মনচিৰ জীয়াৰীসকলকো উত্তৰাধিকাৰ দিয়া হৈছিল; আৰু মনচিৰ আন ফৈদক গিলিয়দ দেশ দিয়া হ’ল।
আৰু গাদ ফৈদৰ পৰা চৰণীয়া ঠায়েৰে সৈতে অনিচ্ছাকৃত ভাৱে নৰ-বধ কৰা লোকৰ আশ্ৰয় নগৰ গিলিয়দত থকা ৰমোৎ, চৰণীয়া ঠায়েৰে সৈতে মহনয়িম তেওঁলোকক দিয়া হ’ল৷