অনলাইন বাইবেল

বিজ্ঞাপন


গোটেই বাইবেলখন অ.টি. নতুন নিয়ম




যিহো 10:39 - ইণ্ডিয়ান ৰিভাইচ ভাৰচন (IRV) আচামিচ - 2019

তেওঁ সেই ঠাই আৰু সেই ঠাইৰ ৰজাক আৰু তাৰ সৰু সৰু নগৰবোৰ দখল কৰি ল’লে৷ তেওঁলোকে তেওঁলোকক আৰু তাত থকা সকলো জীৱন্ত প্ৰাণীক সম্পূর্ণৰূপে তৰোৱালেৰে সংহাৰ কৰিলে৷ যিহোচূৱাই কোনো এটা প্ৰাণীকে সেই ঠাইত অৱশিষ্ট নাৰাখিলে, যেনেকৈ হিব্ৰোণলৈ আৰু লিব্‌না ও তাৰ ৰজালৈ কৰিছিল, তেনেকৈ ইয়ালৈকো তেওঁ কৰিলে।

অধ্যায়টো চাওক



যিহো 10:39
11 পৰস্পৰ সংযোগসমূহ  

এইদৰে যেহূৱে যিজ্ৰিয়েলত থকা আহাবৰ বংশৰ সকলো অৱশিষ্ট লোকক, অৰ্থাৎ তেওঁৰ সকলো প্ৰধান লোকক, তেওঁৰ প্ৰণয়ৰ বন্ধুসকল আৰু তেওঁৰ পুৰোহিতসকলক বধ কৰিলে। তেওঁলোকৰ আৰু কোনোৱেই জীয়াই নাথাকিল।


যাকোবৰ বংশ অগ্নি, আৰু যোচেফৰ বংশ অগ্নিশিখা, আৰু এচৌৰ বংশ নৰাৰ দৰে হ’ব; আৰু তেওঁলোকে সেইবোৰ জ্বলাব, আৰু গ্ৰাস কৰিব। এচৌৰ বংশত কোনো অবশিষ্ট নাথাকিব; কাৰণ যিহোৱাই ইয়াক কৈছিল।


এইদৰে আমাৰ ঈশ্বৰ যিহোৱাই বাচানৰ ৰজা ওগক আৰু তেওঁৰ সকলো লোকক আমাৰ অধীনত শোধাই দিছিল; তাতে আমি তেওঁক আৰু তেওঁৰ সকলো লোককে আঘাত কৰি বধ কৰিছিলোঁ; এজনকো অৱশিষ্ট নাৰাখিলোঁ।


তেতিয়া গেজৰৰ ৰজা হোৰমে লাখীচক সহায় কৰিবলৈ আহিছিল৷ যিহোচূৱাই তাত থকা এজনো প্ৰাণী নিঃশেষ নোহোৱালৈকে, তেওঁক আৰু তেওঁৰ সৈন্যসকলক আঘাত কৰিলে।


তেওঁলোকে সেই ঠাই দখল কৰি ল’লে, আৰু তাত থকা প্ৰতি জন লোকৰ লগতে তাৰ ৰজাতাৰ ৰজা আৰু চাৰিওফালে থকা সৰু সৰু নগৰবোৰত সোমাই আক্ৰমণ কৰি তৰোৱালেৰে আঘাত কৰিলে৷ যিহোচূৱাই ইগ্লোনৰ প্ৰতি কৰাৰ দৰেই, তাতো তেওঁলোকে কাকো জীৱিত নাৰাখি প্ৰত্যেক জীৱন্ত প্ৰাণীক বধ কৰিলে৷ তাক আৰু তাৰ ৰজাক, তাৰ সৰু সৰু নগৰবোৰ আৰু তাৰ ভিতৰত থকা সকলো মানুহক তৰোৱালেৰে আঘাত কৰিলে। সেইদৰে কাকো অৱশিষ্ট নাৰাখি তাৰ ভিতৰত থকা সকলোকে সম্পূর্ণৰূপে সংহাৰ কৰিলে।


পাছত যিহোচূৱাই ইস্ৰায়েলৰ সৈন্য সকলক লগত লৈ, দবীৰলৈ ঘূৰি আহিল আৰু তাৰ বিৰুদ্ধে যুদ্ধ কৰিলে।


এইদৰে যিহোচূৱাই পৰ্ব্বতীয়া অঞ্চল, দক্ষিণ অঞ্চল, নিম্ন ভূমি আৰু উপপৰ্ব্বতৰ অঞ্চলসমূহৰ এই সকলো দেশ জয় কৰিলে৷ সেই অঞ্চলবোৰৰ সকলো ৰজাক আৰু প্ৰত্যেক জীৱক অৱশিষ্ট নৰখাকৈ বধ কৰিলে। তেওঁ ইস্ৰায়েলৰ ঈশ্বৰ যিহোৱাৰ আজ্ঞা অনুসাৰে সকলো জীৱন্ত প্ৰাণীক নিঃশেষে বিনষ্ট কৰিলে।


যিহোৱাই শত্ৰুসকলক ইস্ৰায়েলৰ হাতত সমৰ্পণ কৰাৰ পাছত তেওঁলোকে তেওঁলোকক তৰোৱালৰে আঘাত কৰি বধ কৰিলে আৰু মহাচীদোন ও মিষ্ৰফোৎ-ময়িমলৈকে, আৰু পূব ফালৰ মিস্পাৰ উপত্যকালৈকে তেওঁলোকক খেদি পঠিয়াই তেওঁলোকক সংহাৰ কৰিলে আৰু তেওঁলোকৰ কোনো এজনকো অৱশিষ্ট নাৰাখিলে।


দবীৰৰ ৰজা, গেদৰৰ ৰজা,


সেয়ে যোৱা, অমালেকক প্ৰহাৰ কৰা আৰু তেওঁলোকৰ যি সকলো আছিল তাক নষ্ট কৰা, তেওঁলোকলৈ দয়া নকৰিবা; কিন্তু পুৰুষ আৰু নাৰী, শিশু আৰু পিয়াহ খোৱা কেঁচুৱা, গৰু, মেৰ, ছাগলী, উট আৰু গাধ সকলোকে বধ কৰিবা।”


তেওঁ অমালেকীয়া সকলৰ ৰজা অগাগক জীৱিত অৱস্থাতে ধৰিলে, আৰু আন লোক সকলক তৰোৱালৰ ধাৰেৰে ধ্বংস কৰিলে।