তেতিয়া দায়ূদে যিহোৱাৰ আজ্ঞা অনুসাৰে কাৰ্য কৰিলে। তেওঁ গেবাৰ পৰা গেজৰলৈকে পলেষ্টীয়াসকলক বধ কৰিলে।
যিহো 10:33 - ইণ্ডিয়ান ৰিভাইচ ভাৰচন (IRV) আচামিচ - 2019 তেতিয়া গেজৰৰ ৰজা হোৰমে লাখীচক সহায় কৰিবলৈ আহিছিল৷ যিহোচূৱাই তাত থকা এজনো প্ৰাণী নিঃশেষ নোহোৱালৈকে, তেওঁক আৰু তেওঁৰ সৈন্যসকলক আঘাত কৰিলে। |
তেতিয়া দায়ূদে যিহোৱাৰ আজ্ঞা অনুসাৰে কাৰ্য কৰিলে। তেওঁ গেবাৰ পৰা গেজৰলৈকে পলেষ্টীয়াসকলক বধ কৰিলে।
ইয়াৰ পাছত পলেষ্টীয়াসকলৰ লগত গেজৰত যুদ্ধ হ’ল। হূচাতীয়া চিব্বকয়ে চিপ্পয় নামেৰে ৰফাৰ এজন বংশধৰক বধ কৰিলে, আৰু ফিলিষ্টীয়াসকলক বশীভূত কৰিলে।
তেতিয়া যিহোৱাই লাখীচকো ইস্ৰায়েলৰ হাতত দিলে৷ যিহোচূৱাই দ্বিতীয় দিনা সেই ঠাই দখল কৰি ল’লে৷ লিব্নালৈ যেনেকুৱা কৰিছিল, লাখীচলৈও তেওঁ তেনেকুৱাই কৰিলে। তাৰ পাছত সেই ঠাই আৰু তাৰ মাজত থকা সকলো জীৱিত প্ৰাণীক তৰোৱালেৰে আঘাত কৰিলে।
তেতিয়া যিহোচূৱাই সকলো ইস্ৰায়েলী লোকক লগত লৈ, লাখীচৰ পৰা ইগ্লোনলৈ গ’ল৷ তেওঁলোকে তাৰ কাষতে ছাউনি পাতি তাৰ বিৰুদ্ধে যুদ্ধ কৰিলে৷
তেওঁলোকে গেজৰত থকা কনানীয়াসকলক খেদি নপঠিয়ালে; সেয়েহে তেওঁলোক আজিলৈকে ইফ্ৰয়িমৰ সন্তান সকলৰ মাজত বাস কৰি আছে৷ কিন্তু কনানীয়াসকলে তেওঁলোকক সযত্নে কাম কৰি দিবলগীয়া হৈছিল।
তাৰ পৰা এই সীমা তললৈ নামি যফ্লেটীয়াসকলৰ অঞ্চলৰ পশ্চিমফালে থকা তলৰ বৈৎ-হোৰোণৰ সীমাৰ পৰা গেজৰলৈ নামি গ’ল; সমুদ্ৰত ইয়াৰ সীমা শেষ হ’ল।
ইস্ৰায়েলৰ সন্তান সকলে চৰণীয়া ঠায়েৰে সৈতে নৰ-বধী অৰ্থাৎ যিকোনো লোকে অনিচ্ছাকৃত ভাৱে বধ কৰা লোকসকলৰ আশ্ৰয় লোৱা নগৰ ইফ্ৰয়িম পৰ্ব্বতীয়া অঞ্চলত থকা চিখিম, চৰণীয়া ঠায়েৰে সৈতে গেজৰ আৰু ইয়াৰ চৰণীয়া ঠায়েৰে সৈতে
ইফ্ৰয়িমৰ বংশধৰসকলেও গেজৰৰ পৰা কনানীয়াসকলক বাহিৰ কৰি নিদিলে; সেয়ে তেওঁলোক গেজৰতে তেওঁলোকৰ মাজত বাস কৰি থাকিল।