যিহো 10:25 - ইণ্ডিয়ান ৰিভাইচ ভাৰচন (IRV) আচামিচ - 2019 তেতিয়া যিহোচূৱাই তেওঁলোকক ক’লে, “তোমালোকে ভয় নকৰিবা আৰু ব্যাকুল নহ’বা। তোমালোক বলৱান আৰু সাহসিয়াল হোৱা। কিয়নো তোমালোকে যি যি শত্ৰু সকলৰ সৈতে যুদ্ধ কৰিবা, সেই সকলো শত্ৰুকে যিহোৱাই এইদৰে কৰিব।” |
যিহোৱাই কৰা সকলো কাৰ্যৰ কথা মই সোঁৱৰিম; পূর্ব কালত তুমি কৰা আচৰিত কৰ্মবোৰ মই সোঁৱৰণ কৰিম।
তেৱেঁই ইমান ভয়ঙ্কৰ মৃত্যুৰ পৰা আমাক উদ্ধাৰ কৰিলে আৰু কৰি আছে আৰু আগলৈকো উদ্ধাৰ কৰি থাকিব বুলি আমি তেওঁতেই আশা ৰাখিছোঁ;
আপোনালোকৰ ঈশ্বৰ যিহোৱাই যি সকলো দুখ-কষ্ট, অদ্ভুত চিন, আচৰিত কার্য, শক্তিশালী আৰু ক্ষমতাশালী হাতৰ প্রদর্শনৰ দ্বাৰা আপোনালোকক বাহিৰ কৰি আনিছিল, তাক আপোনালোকে নিজ চকুৰে দেখিছিল। আপোনালোকে এতিয়া যি জাতিবোৰক দেখি ভয় খাইছে, আপোনালোকৰ ঈশ্বৰ যিহোৱাই তেওঁলোকলৈকো সেইদৰে কৰিব।
তুমি বলৱান আৰু সাহিয়াল হোৱা; কিয়নো এই লোকসকলক যি দেশ দিবলৈ মই তেওঁলোকৰ পূৰ্বপুৰুষসকলৰ আগত শপত খাইছিলোঁ, তাক তুমিহে এই লোকসকলক অধিকাৰ প্ৰাপ্ত কৰাবা।
মই তোমাক আজ্ঞা দিয়া নাই নে? বলৱান আৰু সাহিয়াল হোৱা! ত্ৰাসিত বা ব্যাকুল নহ’বা; কিয়নো তুমি যি যি ঠাইলৈ যাবা, সেই সকলো ঠাইতে তোমাৰ ঈশ্বৰ যিহোৱা তোমাৰ লগত থাকিব।”
যিহোৱাই যিহোচূৱাক ক’লে, “তুমি তেওঁলোকলৈ ভয় নকৰিবা; কিয়নো মই তেওঁলোকক তোমাৰ হাতত দিলোঁ; তেওঁলোকৰ কোনেও তোমাৰ আক্ৰমণক ক্ষান্ত কৰিব নোৱাৰিব।”
দায়ূদে ক’লে, “যিজন সৰ্ব্বশক্তিমান ঈশ্বৰে সিংহ আৰু ভালুকৰ হাতৰ পৰা মোক ৰক্ষা কৰিলে, সেই যিহোৱাই সেই পলেষ্টীয়াজনৰ হাতৰ পৰাও মোক উদ্ধাৰ কৰিব।” তাতে চৌলে দায়ূদক ক’লে, “যোৱা, যিহোৱা তোমাৰ সঙ্গী হওক।”