ভিতৰৰ চোতালত থকা যিহোৱাৰ গৃহ আৰু সেই গৃহৰ বাৰাণ্ডাৰ দৰে বৰ চোতালৰ চাৰিওফালে তিনি শাৰী কটা-শিল আৰু এশাৰী এৰচ কাঠৰ চতি আছিল।
যিহি 8:7 - ইণ্ডিয়ান ৰিভাইচ ভাৰচন (IRV) আচামিচ - 2019 এই বুলি তেওঁ মোক চোতালৰ বাট-চৰাৰ দুৱাৰৰ ভিতৰলৈ লৈ গ’ল আৰু তাত মই চাই দেৱালত এটা বিন্ধা দেখিলোঁ। |
ভিতৰৰ চোতালত থকা যিহোৱাৰ গৃহ আৰু সেই গৃহৰ বাৰাণ্ডাৰ দৰে বৰ চোতালৰ চাৰিওফালে তিনি শাৰী কটা-শিল আৰু এশাৰী এৰচ কাঠৰ চতি আছিল।
যিহোৱাৰ গৃহৰ দুয়োখন চোতালতে তেওঁ আকাশৰ সকলো তৰাবোৰৰ উদ্দেশ্যে কিছুমান বেদী নিৰ্ম্মাণ কৰিছিল।
তেতিয়া তেওঁ বাৰাণ্ডাৰ জোখ থিৰ কৰি বিশ হাত পালে; বাট-চৰাটোৰ কেউফালে থকা চোতালখন বাৰাণ্ডাত লাগি আছিল।
পাছত তেওঁ মোক ক’লে, “হে মনুষ্য সন্তান, লোকসকলে কি কৰি আছে সেয়া তুমি দেখিছা নে? মোৰ পবিত্ৰ স্থানৰ পৰা মই আঁতৰ হ’বলৈ ইস্ৰায়েল-বংশই যিবোৰ বৰ বৰ ঘিণলগীয়া কাৰ্য কৰিছে, সেইবোৰ তুমি দেখিছা নে? কিন্তু তুমি ইয়াতকৈয়ো অধিক ঘিণলগীয়া কাৰ্য দেখিবলৈ পাবা!”
তেওঁ মোক ক’লে, “হে মনুষ্য সন্তান, এই দেৱালখন খান্দি পেলোৱা।” তেতিয়া মই দেৱালখন খান্দোতে এখন দুৱাৰ দেখা পালোঁ!
‘যি লোকে সাঁচত ঢালি নাইবা খোদাই কৰি কোনো মূর্তি নির্মাণ কৰে আৰু গুপুতে তাক স্থাপন কৰে, সেই লোক অভিশপ্ত হওঁক। এই কার্য কাৰিকৰৰ হাতৰ শিল্পকলা মাত্র। এইবোৰ মূর্তি যিহোৱাৰ ঘিণলগীয়া।’ তেতিয়া সকলোৱে ক’ব ‘আমেন।’