সেই শিলবোৰেৰে তেওঁ যিহোৱাৰ নামেৰে এটা যজ্ঞ-বেদী নিৰ্ম্মাণ কৰিলে আৰু বেদীৰ চাৰিওফালে দুই চেয়া বীজ ধৰিব পৰা এটা খাল খান্দিলে।
যিহি 43:17 - ইণ্ডিয়ান ৰিভাইচ ভাৰচন (IRV) আচামিচ - 2019 আৰু ওপৰ ভাগ চৌদ্ধ হাত দীঘল আৰু চৌদ্ধ হাত বহল, চাৰিচুকীয়া হ’ব; আৰু তাৰ চাৰিওফালে থকা বাৰ আধা হাত, আৰু তাৰ তল ভাগ চাৰিওফালে এক হাত হ’ব; তাৰ খটখটী পূৱফাললৈ মুখ কৰি থাকিব।” |
সেই শিলবোৰেৰে তেওঁ যিহোৱাৰ নামেৰে এটা যজ্ঞ-বেদী নিৰ্ম্মাণ কৰিলে আৰু বেদীৰ চাৰিওফালে দুই চেয়া বীজ ধৰিব পৰা এটা খাল খান্দিলে।
মন্দিৰৰ দক্ষিণ দিশৰ পৰা তলৰ মহলাত প্ৰৱেশ কৰা পথ আছিল আৰু লোকসকলে পকোৱা-পকি চিৰিয়েদি মাজৰ মহলালৈ গৈছিল আৰু মাজৰ মহলাৰ পৰা তৃতীয় মহলালৈ উঠিছিল৷
লেবীয়া, যেচুৱা, বানী, কদ্মীয়েল, চবনিয়া, বুন্নী, চেৰেবিয়া, বাণী, আৰু কনানী সকলে খটখটিত থিয় হৈ, তেওঁলোকৰ ঈশ্বৰ যিহোৱাৰ আগত উচ্চস্বৰে স্তুতিগীত কৰিলে।
সেই মেজৰ চাৰিওফালে চাৰি আঙুলি জোখৰ এচটা কাঠ দি ফ্রেম বনাবা, আৰু সেই ফ্রেমৰ চাৰিও ফালে সোণৰ সীমা বনাবা।
তুমি বেদীটোৰ ওপৰত, চাৰিও ফালে আৰু শিংবোৰত শুদ্ধ সোণৰ পতা মাৰি আৱৰণ কৰিবা। তাৰ চাৰিওফালৰ কিনাৰত সোণ লগাবা।
তেতিয়া তেওঁ পূৱফালে মুখ কৰা বাট-চৰালৈ আহি তাৰ খটখটিয়েদি উঠিল আৰু তেওঁ সেই বাট-চৰাৰ দুৱাৰডলি জুখিলত, বহলে এক নল হ’ল; আৰু এক নল বহল আন দুৱাৰডলিও আছিল।
তেতিয়া তুমি তাৰ অলপ তেজ লৈ বেদিটোৰ চাৰিটা শিঙত, তাৰ ওপৰ ভাগৰ চাৰি চুকত আৰু চাৰিওফালে তাৰ বাৰত লগাবা; তুমি এইদৰে তাক শুচি কৰিবা।
পুৰোহিতে সেই পাপাৰ্থক বলিৰ কিছু তেজ লৈ গৃহটিৰ দুৱাৰৰ খুটাত যজ্ঞ-বেদিৰ ওপৰ ভাগৰ চাৰি চুকত আৰু ভিতৰ-চোতালখনৰ বাট-চৰাটোৰ দুৱাৰৰ খুটাত লগাব।
আৰু তেওঁ মোক যিহোৱাৰ গৃহৰ ভিতৰ চোতাললৈ লৈ গ’ল, আৰু চোৱা! মই দেখিলোঁ, যিহোৱাৰ মন্দিৰৰ দুৱাৰমুখত, বাৰাণ্ডা আৰু যজ্ঞবেদীৰ মাজ ভাগত যিহোৱাৰ মন্দিৰৰ ফাললৈ পিঠি দি পূৱফালে মুখ কৰি প্রায় পঞ্চাশজনমান লোকে সূৰ্যৰ আগত প্ৰণিপাত কৰি আছিল।