যিৰূচালেমক পর্বতবোৰে যেনেকৈ চাৰিওফালে আবৰি ৰাখিছে, তেনেকৈ যিহোৱাই নিজৰ লোকসকলক আবৰি ৰাখে; এতিয়াৰে পৰা অনন্তকাল পর্যন্ত ৰাখিব।
যিহি 40:5 - ইণ্ডিয়ান ৰিভাইচ ভাৰচন (IRV) আচামিচ - 2019 আৰু চোৱা, গৃহৰ বাহিৰে চাৰিওফালে এটা গড় আছিল, আৰু পুৰুষজনৰ হাতত জুখিবৰ কাৰণে ছহাত দীঘল এডাল নল আছিল; তাৰ প্ৰত্যেক হাতৰ জোখ এক হাত চাৰি আঙুল; পাছে তেওঁ গড় জুখিলত, ডাঠে এক নল, আৰু ওখই এক নল হ’ল। |
যিৰূচালেমক পর্বতবোৰে যেনেকৈ চাৰিওফালে আবৰি ৰাখিছে, তেনেকৈ যিহোৱাই নিজৰ লোকসকলক আবৰি ৰাখে; এতিয়াৰে পৰা অনন্তকাল পর্যন্ত ৰাখিব।
সেই দিনা যিহূদাৰ দেশত এই গীত গোৱা হ’ব, “আমাৰ এখন দৃঢ় নগৰ আছে; প্রভুৱে পৰিত্ৰাণকেই তাৰ দেৱাল আৰু গড় নিৰূপিত কৰিলে।
তোমাৰ দেশত অত্যাচাৰৰ আৰু তোমাৰ সীমাৰ ভিতৰত বিনষ্ট হোৱাৰ বা ধ্বংসৰ কথা আৰু শুনা নাযাব; কিন্তু তুমি তোমাৰ দেৱালৰ নাম পৰিত্ৰাণ, আৰু তোমাৰ দুৱাৰৰ নাম প্ৰশংসা ৰাখিবা।
তেতিয়া মই দেখিলোঁ, গৃহৰ চাৰিওফালে ওখ ভিত্তিমূল আছিল; কিনাৰৰ কোঁঠালিবোৰৰ ভিত্তিমূল দীঘল হাতৰ ছহাত পৰিমাণৰ সম্পূৰ্ণ এক নল।
পাছত তেওঁ ভিতৰ গৃহ জুখি এঁটালত, পূৱফালেমুখ কৰা বাট-চৰাইদি মোক উলিয়াই নিলে আৰু চাৰিওফালে গোটেই গৃহ জুখিলে।
তেওঁ চাৰিওফালে তাক জুখিলে; পবিত্ৰ আৰু সাধাৰণ ঠাইৰ মাজত প্ৰভেদ কৰিবলৈ, তাৰ চাৰিওফালে পাঁচশ হাত দীঘল আৰু পাঁচশ হাত বহল এনে এটা গড় আছিল।
আৰু যজ্ঞ-বেদিটোৰ হাতৰ জোখ এইবোৰেই সেই হাত, এক হাত চাৰি আঙুল। তল ভাগ এক হাত, প্ৰস্থ এক হাত আৰু চাৰিওফালে তাৰ কিনাৰৰ বাৰ এবেগেত হ’ব; এয়ে যজ্ঞ-বেদিটোৰ তলি হ’ব।
অৱশিষ্ট ৰফায়ীয়া লোকসকলৰ মাজত কেৱল বাচানৰ ৰজা ওগেই জীৱিত আছিল; তেওঁৰ বিচনাখন লোহাৰে নির্মিত আছিল; সেই বিচনা মানুহৰ হাতৰ মাপ অনুসাৰে দীঘলে ন হাত, বহলে চাৰি হাত আছিল। সেইখন এতিয়াও জানো অম্মোনৰ বংশধৰসকলে বাস কৰা ৰব্বা নগৰত নাই?
তাত ওখ আৰু ডাঙৰ গড় আৰু বাৰ খন দ্ৱাৰ আছিল; সেই বাৰ খন দ্ৱাৰত বাৰ জন দূত থাকে আৰু সেই দ্ৱাৰত ইস্ৰায়েলৰ সন্তান সকলৰ বাৰ ফৈদৰ নাম লিখা আছিল৷