মই অব্ৰাহাম, ইচহাক, আৰু যাকোবৰ আগতো সৰ্ব্বশক্তিমান ঈশ্বৰ বুলি দৰ্শন দিছিলোঁ, কিন্তু মোৰ যিহোৱা নামৰ দ্বাৰাই মই তেওঁলোকক পৰিচয় দিয়া নাই।
যিহি 37:13 - ইণ্ডিয়ান ৰিভাইচ ভাৰচন (IRV) আচামিচ - 2019 তেতিয়া হে মোৰ প্ৰজাসকল, মই যেতিয়া তোমালোকৰ মৈদামবোৰ মুকলি কৰিম, আৰু তোমালোকৰ মৈদামৰ পৰা তোমালোকক উলিয়াম তেতিয়া, মই যে যিহোৱা, ইয়াকে তোমালোকে জানিবা। |
মই অব্ৰাহাম, ইচহাক, আৰু যাকোবৰ আগতো সৰ্ব্বশক্তিমান ঈশ্বৰ বুলি দৰ্শন দিছিলোঁ, কিন্তু মোৰ যিহোৱা নামৰ দ্বাৰাই মই তেওঁলোকক পৰিচয় দিয়া নাই।
আৰু প্ৰভু যিহোৱাই কৈছে! তুমি কৰা সকলো কাৰ্যৰ বাবে মই তোমাক ক্ষমা কৰা সময়ত, তুমি মনত কৰি বিবৰ্ণ হ’বলৈ আৰু তুমি লাজ পাই তোমাৰ মুখ পুনৰায় কেতিয়াও নেমেলিবলৈ, মই তোমাৰে সৈতে মোৰ নিয়মটি স্থাপন কৰিম’।”
এই হেতুকে তুমি ভাববাণী প্ৰচাৰ কৰি তেওঁলোকক কোৱা, ‘প্ৰভু যিহোৱাই এই কথা কৈছে: চোৱা! হে মোৰ প্ৰজাসকল, মই তোমালোকৰ মৈদামবোৰ মুকলি কৰিম, আৰু তোমালোকৰ মৈদামৰ পৰা তোমালোকক উলিয়াম! আৰু মই তোমালোকক ইস্ৰায়েল দেশলৈ লৈ যাম!
আৰু মই তোমালোকৰ অন্তৰত মোৰ আত্মা স্থাপন কৰিম, তেতিয়া তোমালোক জীৱা, আৰু মই তোমালোকৰ দেশত তোমালোকক বহুৱাম; আৰু মই যিহোৱায়েই যে ইয়াক কলোঁ, আৰু ইয়াক সিদ্ধও কৰিলোঁ’।” তাক তোমালোকে জানিবা, ইয়াক যিহোৱাই কৈছে।
আৰু মই তোমালোকৰ ওপৰত সিৰ দিম, মাংস উৎপন্ন কৰিম, তোমালোকক ছালেৰে ঢাকিম, আৰু তোমালোকৰ ভিতৰত প্ৰাণবায়ু দিম; তাতে তোমালোক জীৱা, আৰু মই যে যিহোৱা, তাক তোমালোকে জানিবা’।”
চিয়োলৰ শক্তিৰ পৰা মই তেওঁক উদ্ধাৰ কৰিম নে? মৃত্যুৰ পৰা মই তেওঁক মুক্ত কৰিম নে? হে মৃত্যু, তোমাৰ মহামাৰীবোৰ ক’ত? হে চিয়োল, তোমাৰ সংহাৰ ক’ত? মোৰ চকুৰ পৰা মমতা লুকাই আছে।