“যিহোৱাই এই কথা কৈছে, ‘চোৱা, মই এই ঠাই আৰু ইয়াৰ নিবাসীসকলৰ ওপৰত অমঙ্গল ঘটাম, অৰ্থাৎ যিহূদাৰ ৰজাৰ আগত যি পুস্তক পঢ়া হ’ল, তাৰ মাজত লিখা সকলো শাও লৈ আনিম;
যিহি 33:10 - ইণ্ডিয়ান ৰিভাইচ ভাৰচন (IRV) আচামিচ - 2019 গতিকে তুমি, হে মনুষ্য সন্তান, তুমি ইস্ৰায়েলবংশক কোৱা, ‘তোমালোকে এই কথা কৈছা: আমাৰ অপৰাধ আৰু পাপৰ ভাৰ আমাৰ ওপৰত আছে আৰু আমি সেইবোৰৰ কাৰণে ধংস হৈ আছোঁ! তেন্তে আমি কেনেকৈ জীয়াই থাকিম?’ |
“যিহোৱাই এই কথা কৈছে, ‘চোৱা, মই এই ঠাই আৰু ইয়াৰ নিবাসীসকলৰ ওপৰত অমঙ্গল ঘটাম, অৰ্থাৎ যিহূদাৰ ৰজাৰ আগত যি পুস্তক পঢ়া হ’ল, তাৰ মাজত লিখা সকলো শাও লৈ আনিম;
হে ইস্ৰায়েলৰ ঈশ্বৰ যিহোৱা, আপুনি ধৰ্মপৰায়ণ, কাৰণ আজি আমি অতি কম সংখ্যক ৰক্ষা পোৱা লোকহে অৱশিষ্ট আছোঁ। চাওক! আমি আমাৰ দোষেৰে সৈতে আপোনাৰ সাক্ষাতে আছোঁ, ইয়াৰ ফলত আমি কোনেও কোনে এজনো আপোনাৰ সাক্ষাতে থিয় হ’ব নোৱাৰোঁ।”
হে ইস্ৰায়েল, যিহোৱাৰ ওপৰত আশা ৰাখা, কিয়নো যিহোৱাৰ লগত সুস্থিৰ প্রেম আছে; তেওঁৰ মুক্তি দিয়াৰ মহান ক্ষমতা আছে।
জালত পৰা হৰিণৰ দৰে তোমালোকৰ সন্তান সকল অচেতন হ’ল,তেওঁলোক প্ৰত্যেক আলিৰ চুকত পৰি ৰ’ল; তেওঁলোক যিহোৱাৰ ক্ৰোধ আৰু ঈশ্বৰৰ তিৰস্কাৰেৰে পৰিপূৰ্ণ।
তুমি তোমাৰ ভৰি পইজাৰ নোহোৱা হবলৈ, আৰু ডিঙিৰ নলী শুকান হবলৈ নিদিবা। কিন্তু তুমি কৈছা, “ইয়াত আশা নাই, সমূলি নাই; কিয়নো মই বিদেশীসকলক প্ৰেম কৰোঁ, তেওঁলোকৰেই পাছত চলিম!”
তথাপি তোমালোকে কোৱা, “পুত্রই কিয় পিতৃৰ অপৰাধৰ ভাৰ নবয়?” কিয়নো সেই পুত্রই উচিত আৰু ন্যায় কাৰ্য কৰে আৰু মোৰ সকলো বিধি পালন কৰে। সি সেই সকলোবোৰৰ মতে কৰ্ম কৰে। তেতিয়া তেওঁ নিশ্চয়ে জীয়াই থাকিব!
বৰং, তোমালোকৰ পাগুৰি তোমালোকৰ মূৰত আৰু তোমালোকৰ জোতা তোমালোকৰ ভৰিত থাকিব; তোমালোকে বিলাপ কি ক্ৰন্দন নকৰিবা, কিন্তু নিজ নিজ অপৰাধত ক্ষীণ হৈ যাবা আৰু এজনে আন জনৰ আগত কেঁকাবা।
আৰু ঈশ্বৰে মোক ক’লে, “হে মনুষ্য সন্তান, এই হাড়বোৰেই ইস্ৰায়েলৰ গোটেই বংশ। চোৱা! তেওঁলোকে কয়, ‘আমাৰ হাড়বোৰ শুকাল, আৰু আমাৰ আশা নাইকিয়া হ’ল, আমি নিচেইকৈ উচ্ছন্ন হ’লো!’
তেন্তে তোমালোকে এনে কৰাত মইও তোমালোকলৈ এইদৰে আচৰণ কৰিম: মই তোমালোকৰ ওপৰত চকু নাশকাৰী আৰু প্ৰাণ ক্ষয়কাৰী ব্যাকুলতা, যক্ষ্মাৰোগ আৰু পোৰণি জ্বৰ নিৰূপণ কৰিম; আৰু তোমালোকে মিছায়ে গুটি ববা; কিয়নো তোমালোকৰ শত্ৰুৱে সেইবোৰ খাব।
আৰু তোমালোকৰ মাজৰ অৱশিষ্ট ভাগ নিজ নিজ অপৰাধৰ কাৰণে শত্ৰুবোৰৰ দেশত ক্ষীণ হৈ যাব, আৰু তেওঁলোকৰ নিজৰ আৰু পুৰ্ব্ব-পুৰুষসকলৰ অপৰাধৰ কাৰণেও ক্ষীণ হৈ যাব।