যিহি 3:21 - ইণ্ডিয়ান ৰিভাইচ ভাৰচন (IRV) আচামিচ - 2019 আৰু ধাৰ্মিক লোক এজনক পাপ নকৰিবৰ কাৰণে তুমি যদি তেওঁক সতৰ্ক কৰা আৰু তেওঁ যদি পুনৰ পাপ নকৰে, তেন্তে তেওঁ সতৰ্ক হোৱাৰ কাৰণে অৱশ্যে জীয়াই থাকিব; আৰু তুমিও নিজ প্ৰাণ ৰক্ষা কৰিবা।” |
জ্ঞানী লোকক শিক্ষা দিয়া, তেওঁ অধিক জ্ঞানী হ’ব; ধাৰ্মিক লোকক শিক্ষা দিয়া, তেওঁ শিক্ষাত বৃদ্ধি পাব।
কিন্তু যদি সেই দুষ্ট লোকজনক তেওঁৰ পথৰ পৰা ঘূৰিবলৈ তেওঁৰ পথৰ বিষয়ে সতৰ্ক কৰা, আৰু তেওঁ নিজ পথৰ পৰা নুঘূৰে, তেন্তে তেওঁ নিজ অপৰাধৰ কাৰণে মৰিব, কিন্তু তুমি তোমাৰ প্ৰাণ ৰক্ষা কৰিবা।
এতেকে আপোনালোকে পৰ দি থাকক৷ মই যে চকুলোৰে তিনি বছৰলৈকে দিনে-ৰাতিয়ে প্ৰতিজনক সচেতন কৰিবলৈ নেৰিলোঁ, ইয়াকো সোঁৱৰণ কৰক।
মই আপোনালোকলৈ যে এইবোৰ কথা লিখি লাজ দিছোঁ, এনে নহয়; কিন্তু মোৰ প্ৰিয় সন্তান বুলি চেতনাহে দিছোঁ।
সেই জন তেৱেঁই, যি জনৰ বিষয়ে আমি প্ৰচাৰ কৰি আছোঁ৷ আমি প্ৰত্যেক জনকে সতৰ্ক কৰোঁ আৰু সকলো প্ৰজ্ঞাৰে প্ৰতিজনক শিক্ষা দি খ্ৰীষ্টক প্ৰচাৰ কৰোঁ যাতে খ্ৰীষ্টে সকলোকে ঈশ্বৰৰ ওচৰত সিদ্ধ লোক ৰূপে উপস্থিত কৰিব পাৰে৷
ভাই সকল, আমি আপোনালোকক এই উপদেশ দিওঁ, অনিয়মত হৈ চলা লোকক আপোনালোকে সাৱধান কৰক; নিৰুৎসাহী লোকক উৎসাহ দিয়ক, দুর্বল লোকৰ সাৰথি হওক আৰু সকলোৰে প্রতি সহিষ্ণু হওক।
তুমি নিজৰ জীৱন আৰু শিক্ষা দিয়া বিষয়ত সাৱধান হোৱা আৰু এই দায়িত্ববোৰ পালন কৰিবা। ইয়াকে কৰিলে তুমি নিজকে আৰু তোমাৰ কথা শুনা লোক সকলকো পৰিত্ৰাণ কৰাব পাৰিবা।
তুমি এইবোৰ কথা কৈ সম্পূর্ণ ক্ষমতাৰে উদগোৱা আৰু অনুযোগ কৰিবা; তোমাক হেয়জ্ঞান কৰিবলৈ কাকো নিদিবা।
তেনেহলে তেওঁ ইয়াকে জানক যে, যিজনে কোনো এজন পাপীক ভ্ৰষ্ট পথৰ পৰা ঘূৰাই আনে, তেওঁ সেই জনৰ প্ৰাণক মৃত্যুৰ পৰা ৰক্ষা কৰিব আৰু তেওঁৰ পাপ সমূহ ঢাকা হ’ব৷
যি সকলক মই প্ৰেম কৰোঁ, সেই সকলোৱে কেনেকৈ জীৱন-ধাৰণ কৰা উচিত, তাৰ বাবে মই তেওঁলোকক অনুযোগ কৰোঁ আৰু শাস্তি দিওঁ। এই কাৰণে তুমি উদ্যোগী হৈ মন পালটোৱা।