ঈশ্বৰৰ অন্তৰত জ্ঞান আছে, আৰু শক্তিত তেওঁ পৰাক্ৰমী; তেওঁৰ বিৰুদ্ধে ডিঙি ঠৰ কৰি কোনে কেতিয়া উন্নতি লাভ কৰিলে?
যিহি 28:6 - ইণ্ডিয়ান ৰিভাইচ ভাৰচন (IRV) আচামিচ - 2019 এই কাৰণে প্ৰভু যিহোৱাই এই কথা কৈছে: কিয়নো তুমি নিজ মনক দেৱতাৰ মন বুলি মানিছা, |
ঈশ্বৰৰ অন্তৰত জ্ঞান আছে, আৰু শক্তিত তেওঁ পৰাক্ৰমী; তেওঁৰ বিৰুদ্ধে ডিঙি ঠৰ কৰি কোনে কেতিয়া উন্নতি লাভ কৰিলে?
“হে মনুষ্য সন্তান, তুমি তূৰৰ শাসনকৰ্ত্তাজনক কোৱা, ‘প্ৰভু যিহোৱাই এই কথা কৈছে: তোমাৰ হৃদয় গৰ্ব্বিত হ’ল! তুমি কৈছা, “মই এজন দেৱতা! মই সমুদ্ৰৰ মাজত দেৱতাবোৰৰ আসনত বহি থাকিম!” যদিও তুমি নিজ মনক দেৱতাৰ মন বুলি মানিছা, তথাপি তুমি মাথোন মানুহ হে, কিন্তু ঈশ্বৰ নহয়;
ঈশ্বৰ নামেৰে খ্যাত আৰু উপাসনাৰ যোগ্য যি সকলো আছে, এই সকলোৰে বিৰুদ্ধে থিয় হৈ সেই অবাধ্যতাৰ পুৰুষে নিজকে ওখত প্রতিস্থিত কৰিব; এনে কি, ঈশ্বৰৰ মন্দিৰত বহি নিজকে নিজে ঈশ্বৰ বুলি ঘোষণা কৰিব।
কাৰণ সূৰ্য অতি তাপৰ সৈতে উদয় হয় আৰু তৃণ শুকুৱায়, তাতে তাৰ ফুল সৰি পৰে আৰু তাৰ সৌন্দৰ্য্যও নষ্ট হয়৷ এনেদৰে ধনৱান মানুহো এদিন নিজৰ মাজতেই মলিন হৈ যাব।