যিহি 28:1 - ইণ্ডিয়ান ৰিভাইচ ভাৰচন (IRV) আচামিচ - 2019 তাৰ পাছত যিহোৱাৰ বাক্য পুনৰায় মোৰ ওচৰলৈ আহিল, আৰু ক’লে, |
পিছত আমাৰ নিৰ্বাসনৰ একাদশ বছৰত মাহৰ প্ৰথম দিনা যিহোৱাৰ বাক্য মোৰ ওচৰলৈ আহিল আৰু ক’লে,
তোমাৰ ধন-সম্পত্তি, বয়-বস্তু, বাণিজ্য দ্ৰব্য; তোমাৰ পথ প্রদৰ্শকসকল, নাৱিকসকল, আৰু তোমাৰ জাহাজ নিৰ্মান কৰা লোকসকল; বাণিজ্য-দ্ৰব্যবোৰৰ বণিকসকল আৰু তোমাৰ লগত উপস্থিত থকা সকলো যুদ্ধাৰু আৰু তোমাৰ সকলো কৰ্মচাৰীবোৰ - তোমাৰ বিনাশৰ দিনা এই সকলো লোক সকলে সৈতে সমুদ্ৰৰ মাজত বিনষ্ট হ’ব।
লোকসকলৰ মাজত থকা বণিকসকলে তোমাক দেখি ইচ ইচ কৰে। তুমি ত্ৰাসৰ বিষয় থ’লো, তুমি আৰু কেতিয়াও অৱশিষ্ট নাথাকিবা।”
“হে মনুষ্য সন্তান, তুমি তূৰৰ শাসনকৰ্ত্তাজনক কোৱা, ‘প্ৰভু যিহোৱাই এই কথা কৈছে: তোমাৰ হৃদয় গৰ্ব্বিত হ’ল! তুমি কৈছা, “মই এজন দেৱতা! মই সমুদ্ৰৰ মাজত দেৱতাবোৰৰ আসনত বহি থাকিম!” যদিও তুমি নিজ মনক দেৱতাৰ মন বুলি মানিছা, তথাপি তুমি মাথোন মানুহ হে, কিন্তু ঈশ্বৰ নহয়;
যিহোৱাই এই কথা কৈছে: তূৰৰ তিনিটা এনে কি, চাৰিটা অপৰাধৰ কাৰণে মই তাক দণ্ড নিদিয়াকৈ নাথাকিম; কিয়নো ভাতৃত্ববোধৰ চুক্তি অগ্রাহ্য কৰি তেওঁলোকে সকলো লোকক ইদোমৰ হাতত শোধাই দিলে।
আৰু দম্মেচকৰ সীমাত থকা হমাতো আশ্ৰয় হ’ব, চীদোনে সৈতে তূৰো হ’ব, যদিওবা সিহঁত বৰ জ্ঞানী।
তূৰে নিজৰ বাবে দৃঢ় কোঁঠ সাজিলে আৰু ধূলিৰ দৰে ৰূপ আৰু বাটৰ বোকাৰ দৰে উত্তম সোণ দ’ম কৰিলে।