পাছত সৰুজনীয়েও এটি পুত্ৰ প্ৰসব কৰিলে আৰু তাৰ নাম বিন-অম্মি হ’ল; তেওঁ বর্তমানৰ অম্মোনীয়াহঁতৰ আদিপিতৃ।
যিহি 25:2 - ইণ্ডিয়ান ৰিভাইচ ভাৰচন (IRV) আচামিচ - 2019 “হে মনুষ্য সন্তান, তুমি অম্মোনৰ সন্তান সকলৰ ফালে মুখ কৰি তেওঁলোকৰ বিৰুদ্ধে ভাববাণী প্ৰচাৰ কৰা। |
পাছত সৰুজনীয়েও এটি পুত্ৰ প্ৰসব কৰিলে আৰু তাৰ নাম বিন-অম্মি হ’ল; তেওঁ বর্তমানৰ অম্মোনীয়াহঁতৰ আদিপিতৃ।
আৰু যিৰূচালেমলৈ যিহূদাৰ চিদিকিয়া ৰজাৰ গুৰিলৈ দূতবোৰৰ হাতত, ইদোমৰ ৰজা, মোৱাবৰ ৰজা, অম্মোনৰ সন্তানসকলৰ ৰজা, তূৰৰ ৰজা, আৰু চীদোনৰ ৰজাৰ ওচৰলৈ সেইবোৰ পঠিয়াই দিয়া।
“হে মনুষ্য সন্তান, তুমি দক্ষিণ ফাললৈ তোমাৰ মুখ কৰি, দক্ষিণ দিশে তোমাৰ বাক্য বৰষোৱা আৰু দক্ষিণ অঞ্চলত থকা দেশৰ কাঠনিৰ বিৰুদ্ধে ভাববাণী প্ৰচাৰ কৰা।
“হে মনুষ্য সন্তান, তুমি যিৰূচালেমৰ ফাললৈ তোমাৰ মুখ কৰি, পবিত্ৰ স্থানবোৰৰ ফাললৈ বাক্য বৰষোৱা; ইস্ৰায়েল দেশৰ বিৰুদ্ধে ভাববাণী প্ৰচাৰ কৰা।
“হে মনুষ্য সন্তান, তুমি চেয়ীৰ পৰ্ব্বতৰ ফালে মুখ কৰি তাৰ বিৰুদ্ধে ভাববাণী প্ৰচাৰ কৰা।
“হে মনুষ্য সন্তান, ইস্ৰায়েলৰ পৰ্ব্বতবোৰৰ ফাললৈ মুখ কৰি সেইবোৰৰ বিৰুদ্ধে ভাববাণী প্ৰচাৰ কৰা।