তুমি উচ্চস্বৰে কান্দা, ৰৈ নাথাকিবা; শিঙাৰ দৰে উচ্চ-ধ্বনি কৰা, মোৰ লোকসকলক তেওঁলোকৰ অধৰ্মৰ সৈতে, আৰু যাকোবৰ বংশৰ আগত তেওঁলোকৰ পাপবোৰ সন্মুখীন কৰোঁৱা।
যিহি 23:36 - ইণ্ডিয়ান ৰিভাইচ ভাৰচন (IRV) আচামিচ - 2019 যিহোৱাই মোক ক’লে “হে মনুষ্য সন্তান, তুমি অহলা আৰু অহলীবাৰ ওপৰত গোচৰ কৰিবা নে? তেন্তে তেওঁলোকৰ ঘিণলগীয়া কাৰ্যবোৰ তেওঁলোকক সোঁৱৰা। |
তুমি উচ্চস্বৰে কান্দা, ৰৈ নাথাকিবা; শিঙাৰ দৰে উচ্চ-ধ্বনি কৰা, মোৰ লোকসকলক তেওঁলোকৰ অধৰ্মৰ সৈতে, আৰু যাকোবৰ বংশৰ আগত তেওঁলোকৰ পাপবোৰ সন্মুখীন কৰোঁৱা।
চোৱা, উঘালিবলৈ আৰু ভাঙিবলৈ, বিনষ্ট কৰিবলৈ আৰু উৎপাত কৰিবলৈ, সাজিবলৈ আৰু ৰুবলৈ, জাতিবোৰৰ আৰু ৰজাসকলৰ ওপৰত মই আজি তোমাক নিযুক্ত কৰিলোঁ।
এই হেতুকে যিৰিমিয়া, তুমি নিজে এই জাতিৰ বাবে প্ৰাৰ্থনা নকৰিবা। তেওঁলোকৰ বাবে নিবেদন কি প্ৰাৰ্থনা উৎসৰ্গ নকৰিবা। কিয়নো তেওঁলোকে নিজৰ আপদৰ কাৰণে মোৰ আগত কাতৰোক্তি কৰা সময়তো মই নুশুনিম।
তোমাৰ ভাববাদীসকলে তোমাৰ পক্ষে মিছা আৰু মুৰ্খতাৰ দৰ্শন পালে। আৰু তোমাৰ সম্পত্তিবোৰ পুনৰায় ঘূৰাই পাবলৈ তেওঁলোকে তোমাৰ অপৰাধবোৰ প্ৰকাশ নকৰিলে, কিন্তু তেওঁলোকে দৰ্শন পাই তোমাৰ পক্ষে অসাৰ্থক বাণী আৰু দেশান্তৰৰ কাৰণ প্ৰচাৰ কৰিলে।
“হে মনুষ্য সন্তান, তুমি তেওঁলোকৰ ওপৰত গোচৰ নচলোৱা নে? তুমি গোচৰ নচলোৱা নে? তেওঁলোকৰ পূৰ্বপুৰুষসকলৰ ঘিণলগীয়া কাৰ্যবোৰ তেওঁলোকক জানিবলৈ দিয়া আৰু তেওঁলোকক কোৱা!
“এতিয়া তুমি, হে মনুষ্য সন্তান, তুমি গোচৰ নচলোৱা নে? ৰক্তপাতকাৰিণী নগৰীৰ ওপৰত গোচৰ নচলোৱা নে? তেন্তে তাইৰ আটাই ঘিণলগীয়া কাৰ্য তাইক জনোৱা।
তেওঁলোকৰ মাজৰ বৰ জনীৰ নাম অহলা আৰু তাইৰ ভনীয়েকৰ নাম অহলীবা। তেতিয়া তেওঁলোক মোৰ হ’ল আৰু তেওঁলোকে মোলৈ পো-জী প্ৰসৱ কৰিলে। তেওঁলোকৰ নামে এই বুজায়: অহলা মানে চমৰিয়া আৰু অহলীবা মানে যিৰূচালেম।
তোমালোকৰ মাতৃৰ বিৰুদ্ধে তোমালোকে বিবাদ কৰা, তোমালোকে বিবাদ কৰা; কিয়নো তাই মোৰ ভার্যা নহয়, আৰু মইও তাইৰ স্বামী নহয়। তাই নিজৰ চকুৰ চাৱনীৰ পৰা পতিতা আৰু তাইৰ স্তনৰ পৰা নিজ ব্যভিচাৰ দূৰ কৰক।