যিহি 22:1 - ইণ্ডিয়ান ৰিভাইচ ভাৰচন (IRV) আচামিচ - 2019 তেতিয়া যিহোৱাৰ বাক্য মোৰ ওচৰলৈ আহিল আৰু ক’লে, |
কিদৰে বিশ্বাসী নগৰ বেশ্যালৈ পৰিণত হ’ল! তেওঁ ন্যায় বিচাৰেৰে আৰু ধাৰ্মিকতাৰে পৰিপূৰ্ণ আছিল; কিন্তু এতিয়া তেওঁ হত্যাকাৰীসকলৰ দ্বাৰা পৰিপূৰ্ণ।
তোমাৰ ক্ষমতাৰ কাৰণে তুমি কিয় চিঞৰিছা? তোমাৰ বেদনা উপশম হ’ব নোৱাৰা অৱস্থাত। তোমাৰ অনেক অপৰাধৰ কাৰণে তোমাৰ পাপৰ বৃদ্ধিৰ কাৰণে, মই তোমালৈ এইবোৰ কৰিলোঁ।
তুমি জুইৰ খৰিস্বৰূপ হ’বা! দেশৰ মাজত তোমাৰ ৰক্তপাত হ’ব। তোমাক আৰু সোঁৱৰণ কৰা নাযাব, কিয়নো মই যিহোৱাই ইয়াক কলোঁ’।”
“এতিয়া তুমি, হে মনুষ্য সন্তান, তুমি গোচৰ নচলোৱা নে? ৰক্তপাতকাৰিণী নগৰীৰ ওপৰত গোচৰ নচলোৱা নে? তেন্তে তাইৰ আটাই ঘিণলগীয়া কাৰ্য তাইক জনোৱা।