অনলাইন বাইবেল

বিজ্ঞাপন


গোটেই বাইবেলখন অ.টি. নতুন নিয়ম




যিহি 21:13 - ইণ্ডিয়ান ৰিভাইচ ভাৰচন (IRV) আচামিচ - 2019

কিয়নো পৰীক্ষা কৰা হৈছে; তুচ্ছ কৰোঁতে দণ্ডডালিও যদি নাথাকে, তেন্তে কি হ’ব?’ এয়ে প্ৰভু যিহোৱাৰ বচন।

অধ্যায়টো চাওক



যিহি 21:13
7 পৰস্পৰ সংযোগসমূহ  

আপদৰূপ চাবুকে যদি মানুহক অকস্মাতে মাৰি পেলায়, তেন্তে তেওঁ নিৰ্দ্দোষীবিলাকৰ নিৰাশা দেখি হাঁহিব।


দুষ্টলোকে নিজৰ মনৰ দুষ্ট ইচ্ছাত অহংকাৰ কৰে; লুভীয়া লোকে নিজৰ লাভৰ বাবে যিহোৱাক অভিশাপ দিয়ে আৰু তেওঁক হেয়জ্ঞান কৰে।


বধ কৰিবৰ বাবে তোমাক ধাৰ দিয়া হৈছে, বিজুলীৰ দৰে হ’বৰ বাবে তোমাক চিকুণ কৰা হৈছে! তেনেহলে আমি জানো আমোদ প্ৰমোদ কৰিম? মোৰ পুত্ৰৰ দণ্ডডালিয়ে আটাই কাঠকে তুচ্ছ কৰে!


হে মনুষ্য সন্তান, চিঞৰি ক্রন্দন কৰা আৰু বিলাপ কৰা; কিয়নো সেই তৰোৱাল মোৰ প্রজা আৰু ইস্ৰায়েলৰ আটাই বিষয়াসকলৰ ওপৰলৈ আহিল! তেওঁলোকক মোৰ প্ৰজাসকলে সৈতে তৰোৱালত শোধাই দিয়া হ’ল; এই হেতুকে তুমি নিজ কৰঙনত চপৰিওৱা।


এই হেতুকে এতিয়া তুমি, হে মনুষ্য সন্তান, তুমি ভাববাণী প্ৰচাৰ কৰা আৰু হাত তালি দিয়া; অনেক লোকক বধ কৰা তৰোৱালখনেই তৃতীয়বাৰ দুগুণ কোবেৰে কাটক! সেয়ে তেওঁলোকৰ ভিতৰ- কোঁঠালিত সোমোৱা, মহৎ লোক জনক সাংঘাতিকৰূপে আঘাত কৰা তৰোৱাল!


আৰু তুমি, হে অশুচি আৰু দুষ্ট ইস্ৰায়েলৰ অধিপতি, যিজনৰ শাস্তিৰ কাল উপস্থিত হ’ল, হত হ’বলগীয়া অন্তজনক অপৰাধৰ কাল উপস্থিত হোৱা দিন উকলিল,


ক্লেশৰূপ মহা-পৰীক্ষাতো তেওঁলোকৰ আনন্দ অধিক হ’ল আৰু তেওঁলোকৰ অতি দৰিদ্ৰতা দানশীলতাৰূপ ধনত উপচি পৰিল।