অনলাইন বাইবেল

বিজ্ঞাপন


গোটেই বাইবেলখন অ.টি. নতুন নিয়ম




যিহি 18:3 - ইণ্ডিয়ান ৰিভাইচ ভাৰচন (IRV) আচামিচ - 2019

মোৰ জীৱনৰ শপত”- প্ৰভু যিহোৱাই এই কথা কৈছে, “ইস্ৰায়েলত এই যোজনা দিবলৈ তোমালোকে আৰু কেতিয়াও সুযোগ নাপাবা।

অধ্যায়টো চাওক



যিহি 18:3
9 পৰস্পৰ সংযোগসমূহ  

“হে মনুষ্য সন্তান, দিন পলম হৈছে, প্ৰত্যেক দৰ্শন বিফল হৈছে”, ‘ইস্ৰায়েল দেশত প্ৰচলিত হোৱা তোমালোকৰ এইটো কি কথা?’


চোৱা! যোজনা দিয়া প্ৰতিজনে, ‘মাক যেনে জীয়েক তেনে’, এই বুলি তোমাৰ বিৰুদ্ধে যোজনা দিব।


“ইস্ৰায়েল দেশৰ যোজনা যে তোমালোকে দিয়া, তাৰ অৰ্থ কি? আৰু এইবুলি কোৱা, ‘বাপেকহঁতে টেঙা দ্ৰাক্ষাগুটি খাই কিন্তু তেওঁলোকৰ পুত্রসকলৰ দাঁত টেঙায়?’


এই হেতুকে, প্ৰভু যিহোৱাই কৈছে, “হে ইস্ৰায়েল বংশ, প্ৰতিজনৰ আচাৰ-ব্যৱহাৰ অনুসাৰে, মই তোমালোকৰ বিচাৰ কৰিম!” “তোমালোক উলটি আহা আৰু তোমালোকৰ সকলো অধৰ্মৰ পৰা ঘূৰা যেন অপৰাধ তোমালোকৰ বিৰুদ্ধে সৰ্ব্বনাশৰ কাৰণ নহ’ব।


চোৱা! আটাই প্ৰাণ মোৰেই; যেনেকৈ বাপেকৰ প্ৰাণ মোৰ, তেনেকৈ পুতেকৰ প্ৰাণো মোৰ; যি প্ৰাণীয়ে পাপ কৰে সেই প্ৰাণীহে মৰিব!


আমি জানো যে বিধানে যি যি কয়, বিধানৰ অধীনত থকা লোক সকলকহে কয়, যাতে তাৰ দ্বাৰাই সকলোৰে মুখ বন্ধ হয় আৰু গোটেই জগত ঈশ্বৰৰ আগত দণ্ডনীয় হয়৷