যিহি 17:22 - ইণ্ডিয়ান ৰিভাইচ ভাৰচন (IRV) আচামিচ - 2019 প্ৰভু যিহোৱাই এই কথা কৈছে: “ময়েই এৰচ গছজোপাৰ ওখত থকা আগডোখৰৰ এটা ডাল লৈ তাক ৰোম; এনে কি, সকলোতকৈ ওপৰত থকা তাৰ পোখাবোৰৰ মাজৰ পৰাই মই এটি পোখা ছিঙি এখন ওখ আৰু উন্নত পৰ্ব্বতত ৰোম! |
পৃথিবীত পৰ্ব্বতবোৰৰ টিঙত প্ৰচুৰ শস্য হ’ব; সেই শস্যৰ ফল লিবানোনৰ জাৰণিৰ নিচিনাকৈ লৰিব; আৰু নগৰ নিবাসীসকল পৃথিবীৰ তৃণৰ দৰে জকমকাব।
সেই দিনা যিহোৱাৰ শাখা সৌন্দৰ্যময়, প্ৰতাপী, আৰু পৃথিৱীত উৎপন্ন হোৱা ফল সুস্বাদু হ’ব আৰু ইস্রায়েলৰ ৰক্ষা পোৱা সকলৰ বাবে আনন্দদায়ক হ’ব।
কাৰণ তেওঁ যিহোৱাৰ আগত গছ পুলিৰ দৰে, আৰু শুকান মাটিত অঙ্কুৰিত হোৱা কোমল গজালিৰ দৰে বাঢ়ি উঠিল; তেওঁৰ কোনো বৈশিষ্ট্যপূর্ণ চেহেৰা বা ঐশ্বর্য নাছিল, আমি যেতিয়া তেওঁক চাওঁ তেতিয়া আমাক আকর্ষণ কৰিব পৰা তেওঁৰ কোনো সৌন্দৰ্য নাছিল।
কিয়নো, প্ৰভু যিহোৱাই কৈছে, মোৰ পবিত্ৰ পৰ্ব্বতখনত, ইস্ৰায়েলৰ ওখ পৰ্ব্বতখনতেই ইস্ৰায়েলৰ আটাই বংশই, তেওঁলোকৰ আটায়ে দেশত সেই ঠাইতে মোৰ আৰাধনা কৰিব, সেই ঠাইতে মই তেওঁলোকক গ্ৰহণ কৰিম আৰু সেই ঠাইতে তোমালোকৰ সকলো পবিত্ৰ বস্তুৰে সৈতে তোমালোকৰ উপহাৰ আৰু নৈবেদ্যস্বৰূপে দিবলগীয়া তোমালোকৰ আগভাগ পাবলৈ মই ইচ্ছা কৰিম।
মই গৌৰৱৰ অৰ্থে তেওঁলোকৰ বাবে এটি পুলি উৎপন্ন কৰিম; তেওঁলোক দেশত আকালৰ দ্বাৰাই আৰু বিনষ্ট নহ’ব, বা জাতিবোৰে দিয়া লাজ তেওঁলোকে আৰু ভোগ নকৰিব।
পাছে মই দেশত ইস্ৰায়েলৰ পৰ্ব্বতবোৰৰ ওপৰত তেওঁলোকক এক জাতি কৰিম, আৰু এজন ৰজা তেওঁলোকৰ আটাইৰে ৰজা হ’ব; তেওঁলোক পুনৰায় দুই জাতি নহ’ব, বা কেতিয়াও দুই ৰাজ্য বিভক্ত নহ’ব।
তেওঁ মোক ঈশ্বৰীয় দৰ্শনত ইস্ৰায়েল দেশলৈ নি এখন অতিশয় ওখ পৰ্ব্বতত বহুৱালে; তাৰ ওপৰত দক্ষিণফালে এক নগৰস্বৰূপ গৃহ দেখা গৈছিল।
তেতিয়া সেই লোহা, মাটি, পিতল, ৰূপ আৰু সোণ একেসময়তে ডোখৰ ডোখৰ হৈ ভাঙিলে, আৰু গ্রীষ্ম কালৰ মৰণা মৰা ঠাইৰ ধূলিৰ দৰে হ’ল। বতাহে সেইবোৰ উড়ুৱাই লৈ গ’ল, আৰু তাৰ কোনো চিন পোৱা নগল; কিন্তু যি শিলটোৱে মূৰ্তিটোক খুন্দা মাৰিছিল, সেয়ে বৃহৎ পৰ্ব্বত হ’ল, আৰু গোটেই পৃথিৱী ভৰি পৰিল।
কিন্তু আহি থকা দিনত এইদৰে ঘটিব, যিহোৱাৰ গৃহ থকা পৰ্ব্বতটো আন পৰ্ব্বতবোৰৰ ওপৰত স্থাপন কৰা হ’ব। এই গৃহটি পাহাৰবোৰতকৈয়ো উচ্চ কৰা হ’ব; আৰু লোকসকল সোঁত বোৱাদি তালৈ যাব।
হে প্ৰধান পুৰোহিত যিহোচূৱা, শুনা, তুমি আৰু তোমাৰ আগত বহি থকা লগৰীয়াসকল শুনা! কিয়নো তেওঁলোকেই চিনস্বৰূপ লোক, কাৰণ চোৱা, মই মোৰ দাসৰ এটি গজালি উৎপন্ন কৰিম।