অনলাইন বাইবেল

বিজ্ঞাপন


গোটেই বাইবেলখন অ.টি. নতুন নিয়ম




যিহি 1:26 - ইণ্ডিয়ান ৰিভাইচ ভাৰচন (IRV) আচামিচ - 2019

তেওঁলোকৰ মূৰৰ ওপৰৰ চন্দ্ৰতাপখনৰ ওপৰত নীলকান্ত বাখৰৰ এখন সিংহাসনৰ আকৃতিৰ দৰে এটা বস্তু আছিল; সেই বস্তুটোৰ ওপৰৰ ওখত এজন মানুহৰ আকৃতিৰ নিচিনা এটা মূৰ্তি আছিল।

অধ্যায়টো চাওক



যিহি 1:26
34 পৰস্পৰ সংযোগসমূহ  

মীখায়াই পুনৰায় ক’লে, “বাৰু, তুমি যিহোৱাৰ বাক্য শুনা: মই যিহোৱাক নিজ সিংহাসনত বহি থকা দেখিলোঁ; সোঁফালে আৰু বাওঁফালে তেওঁৰ ওচৰত স্বৰ্গৰ সকলো বাহিনী থিয় হৈ আছিল।


ঈশ্বৰে তোমাক দিয়া সিংহাসন চিৰস্থায়ী, অনন্ত কাললৈকে থাকে; তোমাৰ ৰাজকীয় ৰাজদণ্ড ন্যায়শাসনৰ দণ্ড।


তেওঁলোকে ইস্ৰায়েলৰ ঈশ্বৰৰ দৰ্শন পালে। নীলা আকাশৰ দৰে স্বচ্ছ নীলকান্ত বাখৰেৰে তৈয়াৰী বাটত তেওঁ থিয় হৈ আছিল।


হে পীড়িত জন, ধুমুহাত ক্ষতিগ্রস্ত আৰু শান্ত্বনা নোপোৱা জন, চোৱা, মই ফিৰোজাৰে তোমালোকৰ ফুটপাথ, আৰু নীলকান্ত মণিৰে তোমালোকৰ ভিত্তিমূল স্থাপন কৰিম।


উজ্জিয়া ৰজা মৃত্যু হোৱা বছৰত, মই প্ৰভুক উচ্চ আৰু উন্নত সিংহাসনত বহি থকা দেখিলোঁ; তেওঁৰ ৰাজবস্ত্ৰ চোলাৰ পাতলিয়ে গোটেই মন্দিৰ জুৰি লৈছিল।


আৰু প্ৰাণী কেইজনৰ মূৰৰ ওপৰত, ভয়ানক স্ফটিক বৰণৰ, তেওঁলোকৰ মূৰৰ ওপৰত ওখত তৰা এখন চন্দ্ৰতাপৰ নিচিনা এক বস্তু আছিল।


তাৰ মাজত চাৰিজন জীয়া প্ৰাণীৰ নিচিনা দেখা গ’ল। তেওঁলোকৰ আকৃতি এনেকুৱা: তেওঁলোকৰ ৰূপ মানুহৰ দৰে আছিল।


তেতিয়া মই কৰূব কেইজনৰ মূৰৰ ওপৰত থকা চন্দ্ৰতাপ যেন বস্তুটো গম্বুজৰ ফালে চাই দেখিলোঁ; তেওঁলোকৰ ওপৰত এটি নীলকান্ত মণিৰ নিচিনা, এখন সিংহাসনৰ মূৰ্ত্তিৰ নিচিনা এক পদাৰ্থই দেখা দিছিল।


আৰু গৃহটিৰ ভিতৰৰ পৰা এজনে মোক কথা কোৱা মই শুনিবলৈ পালোঁ। আৰু এজন পুৰুষ মোৰ ওচৰত থিয় হ’লহি।


তেওঁ মোক ক’লে, “হে মনুষ্য সন্তান, এয়ে মোৰ সিংহাসনৰ আৰু মোৰ ভৰিৰ তলুৱাৰ ঠাই; ইয়াত মই চিৰকাললৈকে ইস্ৰায়েলৰ সন্তান সকলৰ মাজত বাস কৰিম, আৰু ইস্ৰায়েল বংশই তেওঁলোকে বা তেওঁলোকৰ ৰজাসকলে নিজৰ বেশ্যাকৰ্মৰে, আৰু তেওঁলোকৰ ৰজাসকলৰ মৰণ কালত তেওঁলোকৰ ‘মৰা শৱেৰে’ মোৰ পবিত্ৰ নাম পুনৰায় অশুচি নকৰিব।


তেতিয়া চোৱা! মই মনুষ্যৰূপে এক মূৰ্ত্তি যেন দেখা পালোঁ; আৰু তেওঁৰ কঁকালৰ তলৰ পৰা যেন অগ্নিৰ দৰে আৰু তেওঁৰ কঁকালৰ পৰা ওপৰ অংশ উজ্বল ধাতুৰ দৰে দেখা গ’ল!


তেতিয়া মানুহৰ আকৃতিৰ সেই পুৰুষ জনে পুনৰাই মোক চুই সবল কৰিলে।


তেওঁক শাসন ক্ষমতা, মহিমা, আৰু ৰাজকীয় পৰাক্রম দিয়া হ’ল; সেয়ে সকলো দেশৰ লোক, আৰু সকলো ভাষাৰ লোকে তেওঁৰ পৰিচৰ্যা কৰা উচিত। তেওঁৰ শাসন ক্ষমতা চিৰকাললৈকে থকা ক্ষমতা, সেয়ে কেতিয়াও লুপ্ত নহব; আৰু তেওঁৰ ৰাজ্য এনেকুৱা যে, সেই ৰাজ্য কেতিয়াও ধ্বংস নহ’ব।


হয়, তেৱেঁই যিহোৱাৰ মন্দিৰ সাজিব আৰু তেওঁ গৌৰৱ মুকুটেৰে বিভূষিত কৰিব; তেওঁ নিজ সিংহাসনত বহি ৰাজত্ব কৰিব। আৰু পুৰোহিত হৈ নিজ সিংহাসনত বহিব আৰু দুয়োটাৰে মাজত শান্তিৰ মন্ত্ৰণা থাকিব।


এতেকে পৰ দি থাকা; কিয়নো সেইদিন বা সময় তোমালোকে নাজানা।


তেতিয়া যীচুৱে ওচৰলৈ আহি তেওঁলোকক ক’লে, “বোলে, স্বৰ্গত আৰু পৃথিৱীত সকলো অধিকাৰ মোক দিয়া হ’ল।


কিন্তু পুত্ৰৰ বিষয়ে ঈশ্বৰে ক’লে, “হে ঈশ্বৰ, তোমাৰ সিংহাসন চিৰকাল স্থায়ী, তোমাৰ ৰাজ্যৰ শাসন, ন্যায়ৰ শাসন।


আহক আমাৰ বিশ্বাসৰ আদি আৰু সিদ্ধিকৰ্ত্তা যীচুলৈ চাই থাকোঁহঁক; তেওঁ তেওঁৰ আগত থকা আনন্দৰ কাৰণে অপমানকে হেয়জ্ঞান কৰি, ক্ৰুচ যন্ত্ৰণা সহন কৰি, ঈশ্বৰৰ সিংহাসনৰ সোঁফালে বহিল।


এতিয়া আমি যি বিষয়ে কবলৈ লৈছোঁ, তাৰ সাৰ কথা হৈছে, আমাৰ এজন মহা-পুৰোহিত আছে যি জন স্বৰ্গত মহিমাময় সিংহাসনৰ সোঁফালে বহিল ৷


যিৰীহোৰ ওচৰত থকা সময়ত যিহোচূৱাই চকু তুলি চাই দেখিলে যে, তেওঁৰ সন্মুখত এজন পুৰুষ থিয় হৈ আছে আৰু সেই পুৰুষৰ হাতত আছে এখন ফাঁকৰ পৰা উলিওৱা তৰোৱাল; তেতিয়া যিহোচূৱাই তেওঁৰ ওচৰলৈ গৈ সুধিলে, “তুমি আমাৰ পক্ষৰ, নে আমাৰ শত্ৰুবোৰৰ পক্ষৰ?”


তেওঁ স্বৰ্গলৈ গ’ল৷ স্বৰ্গৰ দূত সকল, বিধিসংগত শাসন, আৰু পৰাক্ৰম, অৱশ্যে তেওঁলৈ সমৰ্পন কৰক৷


আৰু সেই দীপাধাৰ কেইটাৰ মাজত মানুহৰ পুত্ৰৰ নিচিনা এজনক দেখা পালোঁ; তেওঁৰ বস্ত্ৰ ভৰিলৈকে পিন্ধা আৰু বুকু সোণৰ টঙালিৰে বন্ধা।


পাছত মই চাই বগা মেঘ আৰু তাৰ ওপৰত মানুহৰ পুত্ৰৰ নিচিনা এজনক বহি থকা দেখিলোঁ৷ তেওঁৰ মূৰত সোণৰ কিৰীটি আৰু হাতত চোকা কাচি আছিল।


তাৰ পাছত মই এখন ডাঙৰ বগা সিংহাসন, আৰু তাৰ ওপৰত বহি থকা জনক দেখিলোঁ; তেওঁৰ উপস্থিতিত পৃথিৱী আৰু আকাশমণ্ডল পলাই গ’ল কিন্তু সেইবোৰৰ কাৰণে যাবলৈ ঠাই পুনৰ পোৱা নগ’ল।


মই নিজে যেনেকৈ জয় কৰি মোৰ পিতৃৰ সৈতে তেওঁৰ সিংহাসনত বহিলোঁ, তেনেকৈ যি জনে জয় কৰে, তেওঁকো মোৰে সৈতে মোৰ সিংহাসনত মই বহিবলৈ দিম।


আৰু স্বৰ্গত, পৃথিৱীত, পৃথিৱীৰ তলত আৰু সাগৰত যি সকলো সৃষ্ট বস্তু আছে সেই সকলোৱে কোৱা শুনিলোঁ, “সিংহাসনত বহি থকা জন আৰু মেৰ-পোৱালি জনৰ প্ৰশংসা, মৰ্যদা, মহিমা আৰু পৰাক্ৰম চিৰকাল হওক”।