পাছত ৰমলিয়াৰ পুত্ৰ পেকহ নামেৰে তেওঁৰ এজন সেনাপতিয়ে তেওঁৰ বিৰুদ্ধে ষড়যন্ত্র কৰিলে। পেকহে গিলিয়দৰ পঞ্চাশজন লোকক লগত লৈ চমৰিয়াত ৰাজগৃহৰ দুৰ্গত ৰজা পকহিয়াৰ সৈতে অৰ্গোব আৰু অৰিয়ক বধ কৰিলে। সেনাপতিয়ে তেওঁক এইদৰে বধ কৰি তেওঁৰ পদত নিজে ৰজা হ’ল।
যিচ 7:1 - ইণ্ডিয়ান ৰিভাইচ ভাৰচন (IRV) আচামিচ - 2019 উজ্জিয়াৰ নাতি যোথমৰ পুত্ৰ যিহূদাৰ আহজ ৰজাৰ ৰাজত্বৰ সময়ত, অৰামৰ ৰচীন ৰজা আৰু ৰমলিয়াৰ পুত্ৰ ইস্ৰায়েলৰ পেকহ ৰজা, এই দুজন ৰজাই যিৰূচালেমৰ বিৰুদ্ধে যুদ্ধ কৰিবলৈ আহিল; কিন্তু তাক পৰাজয় কৰিব নোৱাৰিলে। |
পাছত ৰমলিয়াৰ পুত্ৰ পেকহ নামেৰে তেওঁৰ এজন সেনাপতিয়ে তেওঁৰ বিৰুদ্ধে ষড়যন্ত্র কৰিলে। পেকহে গিলিয়দৰ পঞ্চাশজন লোকক লগত লৈ চমৰিয়াত ৰাজগৃহৰ দুৰ্গত ৰজা পকহিয়াৰ সৈতে অৰ্গোব আৰু অৰিয়ক বধ কৰিলে। সেনাপতিয়ে তেওঁক এইদৰে বধ কৰি তেওঁৰ পদত নিজে ৰজা হ’ল।
যিহূদাৰ ৰজা অজৰিয়াৰ ৰাজত্বৰ বাৱন্ন বছৰত ৰমলিয়াৰ পুত্ৰ পেকহ চমৰিয়াত ইস্ৰায়েলৰ ৰজা হ’ল। তেওঁ বিশ বছৰ ৰাজত্ব কৰিছিল।
সেই কালত, যিহোৱাই যিহূদাৰ বিৰুদ্ধে যুদ্ধ কৰিবলৈ অৰামৰ ৰজা ৰচীন আৰু ৰমলিয়াৰ পুত্ৰ পেকহক পঠাবলৈ আৰম্ভ কৰিলে।
ইস্রায়েলত ৰমলিয়াৰ পুত্ৰ পেকহৰ সোঁতৰ বছৰ বয়সৰ সময়ত, যিহূদাত যোথমৰ পুত্ৰ আহজে ৰাজত্ব আৰম্ভ কৰিছিল।
অৰামৰ ৰজা ৰচীন আৰু ৰমলিয়াৰ পুত্ৰ ইস্ৰায়েলৰ ৰজা পেকহে যিৰূচালেমৰ বিৰুদ্ধে যুদ্ধ কৰিবলৈ যিৰূচালেমলৈকে আহিল আৰু ৰজা আহজৰ সৈতে নগৰখন বেৰি ধৰিলে; কিন্তু আহজক জয় কৰিব নোৱাৰিলে।
যিহূদা দেশৰ ৰজা উজ্জিয়া, যোথম, আহজ, আৰু হিষ্কিয়াৰ শাসনকালত আমোচৰ পুত্ৰ যিচয়াই যিহূদা আৰু যিৰূচালেমৰ বিষয়ে পোৱা দৰ্শন।
কাৰণ এই লোকসকল চীলোহৰ শীতল পানী অগ্ৰাহ্য কৰিছে, ৰচীন আৰু ৰমলিয়াৰ পুত্রৰ বিষয়ে আনন্দ কৰিছে।
এই হেতুকে যিহোৱাই তেওঁৰ বিৰুদ্ধে ৰচীন, আৰু তেওঁৰ বিৰোধী সকলক উন্নত কৰিব, আৰু তেওঁৰ শত্রুবোৰক উত্তেজিত কৰিব।
তোমাৰ হাতেৰে সজা অনেক বস্তুৰ কাৰণে অৰাম আছিল তোমাৰ বণিক; তেওঁলোকে মৰকত মণি, বেঙেনা বৰণীয়া সূতা, ৰঙীণ বন কৰা কাপোৰ, মিহি শণ সূতাৰ কাপোৰ পোৱাল আৰু পদ্মৰাগ মণি দি তোমাৰ বাণিজ্য-দ্ৰব্য লৈছিল।
যিহূদা দেশৰ ৰজা উজ্জিয়া, যোথম, আহজ, আৰু হিষ্কিয়াৰ ৰাজত্বৰ সময়ত আৰু ইস্ৰায়েলৰ ৰজা যোৱাচৰ পুত্ৰ যাৰবিয়ামৰ ৰাজত্বৰ সময়ত বেৰীৰ পুত্ৰ হোচেয়াৰ ওচৰলৈ যিহোৱাৰ বাক্য আহিল।
যিহূদাৰ ৰজা যোথম, আহজ, আৰু হিষ্কিয়াৰ ৰাজত্বৰ সময়ত চমৰিয়া আৰু যিৰূচালেমৰ বিষয়ে দৰ্শনত পোৱা, মোৰেষ্টিয়া মীখালৈ অহা যিহোৱাৰ বাক্য।