তোমালোকে যিৰূচালেমৰ শান্তিৰ অৰ্থে প্ৰাৰ্থনা কৰা; “যিসকলে যিৰূচালেমক ভাল পায়, তেওঁলোক উন্নত হওঁক।
যিচ 62:7 - ইণ্ডিয়ান ৰিভাইচ ভাৰচন (IRV) আচামিচ - 2019 তেওঁ পুনৰ সংস্থাপন নোহোৱালৈকে তেওঁক জিৰণী ল’বলৈ নিদিবা, যিৰূচালেম আৰু তেওঁৰ সৃষ্টিয়ে পৃথিবীত প্ৰশংসা কৰক। |
তোমালোকে যিৰূচালেমৰ শান্তিৰ অৰ্থে প্ৰাৰ্থনা কৰা; “যিসকলে যিৰূচালেমক ভাল পায়, তেওঁলোক উন্নত হওঁক।
চোৱা, মই মোৰ হাতৰ তলুৱাত তোমাৰ নাম খোদিত কৰিলোঁ; আৰু তোমাৰ গড়বোৰ অবিৰাম ভাবে মোৰ দৃষ্টিত থাকিব।
তোমাৰ দেশত অত্যাচাৰৰ আৰু তোমাৰ সীমাৰ ভিতৰত বিনষ্ট হোৱাৰ বা ধ্বংসৰ কথা আৰু শুনা নাযাব; কিন্তু তুমি তোমাৰ দেৱালৰ নাম পৰিত্ৰাণ, আৰু তোমাৰ দুৱাৰৰ নাম প্ৰশংসা ৰাখিবা।
কাৰণ পৃথিবীয়ে যিদৰে গছবোৰৰ পোখা মেলায়, আৰু বাৰীয়ে যিদৰে তাত ৰোৱা সকলোকে গজায়, সেইদৰে প্ৰভু যিহোৱাই সকলো দেশবাসীৰ সাক্ষাতে ধাৰ্মিকতা আৰু প্ৰশংসা উৎপন্ন কৰিব।
আৰু মই তেওঁলোকলৈ কৰা সকলো মঙ্গল-কাৰ্য্যৰ কথা পৃথিৱীৰ যি জাতি সমূহে শুনিব, আৰু মই তেওঁলোকৰ কাৰণে কৰা আটাই মঙ্গল আৰু শান্তিৰ কথা শুনি ভয়ত কঁপিব, সেই সকলো জাতিৰ আগত এই নগৰ মোৰ পক্ষে আনন্দজনক নাম, প্ৰশংসা আৰু গৌৰৱৰ বিষয় হ’ব’।”
পাছত সপ্তম দূতে তুৰী বজাওঁতে, স্বৰ্গত এইবোৰ মহা-বাণী হ’ল, বোলে, “এই জগতৰ ৰাজ্য, আমাৰ প্ৰভুৰ আৰু তেওঁৰ খ্ৰীষ্টৰ হ’ল৷ আৰু তেওঁ চিৰকাল ৰাজশাসন কৰিব”।