কিন্তু তোমাৰ আক্রমণকাৰীৰ দলসমূহ মিহি ধুলিৰ দৰে হ’ব, আৰু ভয়ানক লোক সমূহ উৰি যোৱা তুঁহৰ দৰে হ’ব; এই সকলো অকস্মাতে, চকুৰ প্ৰচাৰতে ঘটিব।
যিচ 48:3 - ইণ্ডিয়ান ৰিভাইচ ভাৰচন (IRV) আচামিচ - 2019 মই বহু দিনৰ আগৰে পৰা কথাবোৰ ঘোষনা কৰিলোঁ; এনে কি, সেইবোৰ মোৰ মূখৰ পৰা ওলাল, আৰু মই সেইবোৰ জানিবলৈ দিলোঁ; অকস্মাৎ মই সেইবোৰ সিদ্ধ কৰিলোঁ, আৰু সেইবোৰ ঘটি উঠিল। |
কিন্তু তোমাৰ আক্রমণকাৰীৰ দলসমূহ মিহি ধুলিৰ দৰে হ’ব, আৰু ভয়ানক লোক সমূহ উৰি যোৱা তুঁহৰ দৰে হ’ব; এই সকলো অকস্মাতে, চকুৰ প্ৰচাৰতে ঘটিব।
সেয়ে যাৰ পতন অকস্মাতে মুহূৰ্ত্ততে হ’ব, ভগ্ন অংশ আৰু ওখ দেৱালৰ স্ফিত অংশ পৰিবলৈ প্রস্তুত হোৱাৰ দৰে, এই পাপ তোমালোকলৈ হ’ব।”
তুমি মোৰ বিৰুদ্ধে কৰা ক্রোধৰ কাৰণে, আৰু তোমাৰ অহঙ্কাৰৰ কথা মোৰ কাণত পৰাৰ কাৰণে মই তোমাৰ নাকত মোৰ হাঁকোটা, আৰু তোমাৰ মুখত মোৰ লাগাম লগাম, আৰু যি বাটেদি তুমি আহিলা, সেই বাটেদিয়েই তোমাক উভটাই পঠাম।
চোৱা, মই তেওঁৰ অন্তৰত এক আত্মা স্থাপন কৰিম, আৰু তেওঁ বিশেষ সম্বাদ শুনি নিজৰ দেশলৈ উভটি যাব; মই তেওঁৰ দেশত তেওঁক তৰোৱালে নিপাত কৰিম।
তেওঁলোকক তেওঁলোকৰ প্রমাণ আমালৈ আনিবলৈ দিয়া হওক, আৰু আগলৈ কি ঘটিব, তাক আমাৰ আগত প্ৰকাশ কৰিবলৈ দিয়া হওক; সেয়ে আমি এই সকলো ভালদৰে বুজিব পাৰিম। আগেয়ে কৰা ভবিষ্যতবাণী আমাক কোৱা হওক, সেয়ে আমি তেওঁলোকৰ ওপৰত প্রতিফলিত কৰিম আৰু তেওঁলোকে কিদৰে সিদ্ধ কৰিব তাক জানিম।
চোৱা, আগৰ কথা ফলিয়ালে এতিয়া নতুন বিষয় মই প্ৰকাশ কৰোঁ; সেইবোৰ সিদ্ধ নহওঁতেই সেইবোৰৰ বিষয়ে মই তোমালোকক কওঁ।”
সকলো দেশবাসী গোট খাওক, আৰু লোক সমূহ সমবেত হওক; তেওঁলোকৰ মাজৰ কোনে ইয়াক প্ৰকাশ কৰিব পাৰে? আৰু আগৰ কালৰ কথা কোনে আমাক শুনাব পাৰে? তেওঁলোকৰ নিজৰ কথা প্ৰমাণ কৰিবলৈ নিজৰ সাক্ষী আনক; তেওঁলোকক শুনা হওক আৰু “সেয়ে সঁচা” বুলি নিশ্চিত কৰা হওক।
ওচৰলৈ আহা আৰু মোৰ আগত এইতো ঘোষনা কৰা, প্রমান আনা! তেওঁলোকক একেলগে মিলিত হবলৈ দিয়া। কোনে আগৰ পৰা এইসকলো দেখুৱাই আহিছে? কোনে ঘোষনা কৰিছে? মই যিহোৱাই নহয়নে? মোৰ বাহিৰে আন কোনো ঈশ্বৰ নাই, মই ন্যায়ৱান ঈশ্বৰ, আৰু ত্ৰাণকৰ্ত্তা; মোৰ বাহিৰে আন কোনো নাই।
যিহোৱাই ইস্ৰায়েল বংশলৈ যি যি মঙ্গলৰ বাক্য কৈছিল, তাৰ মাজৰ এটি বাক্যও নিষ্ফল নহ’ল৷ সকলো সিদ্ধ হ’ল।