অনলাইন বাইবেল

বিজ্ঞাপন


গোটেই বাইবেলখন অ.টি. নতুন নিয়ম




যিচ 36:8 - ইণ্ডিয়ান ৰিভাইচ ভাৰচন (IRV) আচামিচ - 2019

সেই কাৰণে, মই এতিয়া মোৰ প্ৰভু ৰজা অচূৰীয়াৰ পৰা অহা এটা ভাল প্রতিশ্রুতিত তোমাক বান্ধিব বিচাৰিছোঁ। যদি তুমি ঘোঁৰাত উঠিব পৰা দুই হাজাৰ মানুহ দিব পাৰা, তেনেহ’লে মই তোমাক দুই হাজাৰ ঘোঁৰা দিম।

অধ্যায়টো চাওক



যিচ 36:8
13 পৰস্পৰ সংযোগসমূহ  

তেতিয়া বিন-হদদে তেওঁৰ ওচৰলৈ মানুহ পঠিয়াই ক’লে, “এই চমৰিয়াৰ ধূলি যদি মোৰ পাছত অহা লোকসকলৰ প্ৰতিজনলৈ এমুঠিকৈ জোৰে, তেন্তে দেৱতাবোৰে মোক অমুক আৰু তাতকৈয়ো অধিক দণ্ড দিয়ক।”


তেতিয়া বিন-হদদে ক’লে, “তেওঁলোকে সন্ধিৰ বাবেই ওলাই আহক বা যুদ্ধৰ কৰণেই ওলাই আহক, তেওঁলোকক জীয়াই জীয়াই ধৰিবা।”


যিহোৱাৰ গৃহত পোৱা সোণ, ৰূপ আৰু আনসকলো বস্তু আৰু ৰাজগৃহৰ ভঁৰালত থকা সকলো মূল্যবান বস্তুবোৰ লৈ গ’ল। তাৰ বাহিৰেও জামিন হিচাপে অনেক লোকক বন্দী কৰি যিহোৱাচ চমৰিয়ালৈ উলটি গ’ল।


যিহূদাৰ ৰজা হিষ্কিয়াৰ ৰাজত্বৰ চৈধ্য বছৰত, অচূৰৰ ৰজা চনহেৰীবে যিহূদাৰ সকলো গড়েৰে আবৃত নগৰবোৰ আক্রমণ কৰি সেইবোৰ অধিকাৰ কৰি ল’লে।


এতিয়া সেয়ে শুনক, মই মোৰ প্ৰভু অচূৰৰ ৰজাৰ পৰা আপোনালৈ এক চুক্তি আগবঢ়াব বিচাৰো। যদি আপুনি অশ্বাৰোহী দিবলৈ সমর্থ হয়, তেন্তে মই আপোনাক দুই হাজাৰ ঘোঁৰা দিম।


তাৰ পাছত ৰজা অচূৰীয়াই লাখীচৰ পৰা ৰবচাকিক বহুতো সৈন্যসামন্তই সৈতে যিৰূচালেমলৈ, ৰজা হিষ্কিয়াৰ ওচৰলৈ পঠালে। তেওঁ ধোবা-ঘাটলৈ যোৱা ৰাজ আলিৰ ওপৰত থকা পুখুৰীৰ নলাৰ ওচৰ চাপি তাৰ কাষত থিয় হ’ল।


কিন্তু যদি তোমালোকে মোক কোৱা, “আমি আমাৰ ঈশ্বৰ যিহোৱাত ভাৰসা কৰিছোঁ,” তেনেহ’লে যিজনে যিহোৱাৰ পবিত্র মন্দিৰ আৰু যজ্ঞ বেদিবোৰ গুচাই দিলে, আৰু যিহূদা আৰু যিৰূচালেমৰ লোকসকলক ক’লে, যিৰূচালেমৰ যজ্ঞ বেদিৰ সন্মুখত নিশ্চয়কৈ সেৱা কৰিব লাগিব, তেওঁ সেই হিষ্কিয়াই নহয় নে?”


তুমি মোৰ প্ৰভুৰ দাস সকলৰ মাজৰ সকলোতকৈ সৰু সেনাপতি এজনক কেনেকৈ প্রতিহত কৰিবা? তুমি ৰথ আৰু অশ্বাৰোহীৰ কাৰণে মিচৰত ভাৰসা কৰিছা!