চীলো নহালৈকে যিহূদাৰ পৰা ৰাজদণ্ড নাযাব, আৰু তাৰ ভৰি দুখনৰ মাজৰ পৰা বিচাৰদণ্ড নুগুচিব; লোক সমূহ সেই জনাৰ আজ্ঞাধীন হ’ব।
যিচ 28:16 - ইণ্ডিয়ান ৰিভাইচ ভাৰচন (IRV) আচামিচ - 2019 এই কাৰণে প্ৰভু যিহোৱাই কৈছে, “চোৱা, মই চিয়োনত ভিত্তিমূলৰ এটা শিল, এটা পৰীক্ষিত শিল, আৰু দৃঢ়কৈ বহুউৱা চুকৰ এটা বহুমূল্য শিল স্থাপন কৰিলোঁ। যি জনে বিশ্বাস কৰিব, তেওঁ অধৈৰ্য নহ’ব। |
চীলো নহালৈকে যিহূদাৰ পৰা ৰাজদণ্ড নাযাব, আৰু তাৰ ভৰি দুখনৰ মাজৰ পৰা বিচাৰদণ্ড নুগুচিব; লোক সমূহ সেই জনাৰ আজ্ঞাধীন হ’ব।
কিন্তু তেওঁৰ অৱশিষ্ট ধনু অতল হৈ থাকিল, আৰু তেওঁৰ হাত দক্ষতাপূৰ্ণ কিয়নো যাকোবৰ একমাত্র পৰাক্ৰমী জনাৰ হাতৰ দ্বাৰাই, কিয়নো তেওঁৰ নাম মেৰ-ছাগৰ ৰখীয়া, ইস্ৰায়েলৰ শিলা।
পাছত তেওঁলোকে ৰাতিপুৱাতে উঠি তকোৱাৰ মৰুপ্ৰান্তলৈ ওলাই গ’ল৷ ওলাই যোৱা সময়ত, যিহোচাফটে থিয় হৈ ক’লে, “হে যিহূদা আৰু যিৰূচালেম নিবাসীসকল, মোলৈ কাণ দিয়া! তোমালোকে নিজ ঈশ্বৰ যিহোৱাত বিশ্বাস কৰা, তাতে তোমালোক সমর্থন পাবা আৰু তেওঁৰ ভাববাদীসকলত বিশ্বাস কৰা, তাতে তোমালোক কৃতকাৰ্য হ’বা।”
ঘৰ নির্মাণকাৰীসকলে যি শিলক অগ্ৰাহ্য কৰিলে, সেয়ে সকলোতকৈ দৰকাৰী চুকৰ প্ৰধান শিল হৈ উঠিল।
তেনেহলে দেশৰ বাৰ্ত্তাবহক সকলক কেনেকৈ উত্তৰ দিব? সেয়ে যিহোৱাই চিয়োনক সংস্থাপন কৰিলে, আৰু তেওঁৰ লোকসকলৰ নিপীড়িতসকলক আশ্রয়স্থান বিচাৰি দিব।
তথাপিও যিহোৱাই তোমালোকক দয়া কৰিবলৈ অপেক্ষা কৰিব, সেই বাবে তেওঁ তোমালোকক অনুগ্ৰহ কৰিবলৈ উন্নত হব। কাৰণ যিহোৱা ন্যায় বিচাৰ কৰা ঈশ্বৰ, যি সকলে তেওঁলৈ অপেক্ষা কৰে, তেওঁলোক সৌভাগ্যশীল।
হে পীড়িত জন, ধুমুহাত ক্ষতিগ্রস্ত আৰু শান্ত্বনা নোপোৱা জন, চোৱা, মই ফিৰোজাৰে তোমালোকৰ ফুটপাথ, আৰু নীলকান্ত মণিৰে তোমালোকৰ ভিত্তিমূল স্থাপন কৰিম।
আপুনি দেখাৰ দৰে পৰ্বতৰ পৰা এটা শিল কাটি উলিওৱা হৈছিল; কিন্তু মনুষ্যৰ হাতৰ দ্বাৰাই কটা নহয়। সেই শিল লোহা, পিতল, মাটি, ৰূপ আৰু সোণ সকলোকে ডোখৰ ডোখৰকৈ ভাঙিছিল। মহান ঈশ্বৰে ইয়াৰ দ্বাৰাই মহাৰাজক ইয়াৰ পাছত কি ঘটিব সেই বিষয়ে জনালে; সপোনটো সঁচা আৰু তাৰ ফলিতাও বিশ্বাসযোগ্য।”
এতিয়া যিহোচূৱাৰ আগত মই স্থাপন কৰা শিলটোলৈ চোৱা। এইটো শিলৰ ওপৰতেই সাতোটা চকু ৰখা হৈছে’, বাহিনীসকলৰ যিহোৱাই কৈছে, ‘চোৱা, মই তাৰ উপযুক্ত শিলালিপি খোদিত কৰিম, ‘আৰু এই দেশৰ পাপসমূহ একেদিনাই মচি পেলাম’।
যীচুৱে তেওঁলোকক ক’লে, “এই শাস্ত্ৰীয় বচন আপোনালোকে পঢ়া নাই নে, ‘ঘৰ-সজা সকলে যি শিল অগ্ৰাহ্য কৰিলে, সেয়ে চুকৰ প্ৰধান শিল হ’ল; এয়ে প্ৰভুৰ পৰা হ’ল, আৰু আমাৰ দেখাত আচৰিত’?
এই ধৰ্মশাস্ত্ৰৰ বচন তোমালোকে পঢ়া নাই নে? ‘ঘৰ-সজোতা সকলে যি শিল অগ্ৰাহ্য কৰিলে, সেয়ে চুকৰ প্ৰধান শিল হ’ল’;
এই বিষয়ে লিখাও আছে, “চোৱা, মই চিয়োনত উজুটি খুউৱা শিল, অৰ্থাৎ বিঘ্নজনক শিল থ’ম। তেওঁত বিশ্বাস কৰা জন লাজত নপৰিব।”
কিয়নো যি ভিত্তি আগেয়ে স্থাপন কৰা হ’ল, তাৰ বাহিৰে আন ভিত্তিমূল কোনেও স্থাপন কৰিব নোৱাৰে; যীচু খ্রীষ্টই হৈছে সেই ভিত্তিমূল।
এইবোৰৰ ভিত্তিমূল পাঁচনি আৰু ভাৱবাদী সকল; খ্ৰীষ্ট যীচু স্বয়ং সেই ভিত্তিমূলৰ চুকৰ প্রধান শিল আৰু সেই ভিত্তিমূলৰ ওপৰতে আপোনালোক গঁথা হৈ আছে।
তথাপি ঈশ্বৰে স্থাপন কৰা দৃঢ় ভিত্তিমূল থিৰে থাকে আৰু তাৰ ওপৰত এই কথা মোহৰ মৰা আছে, বোলে- “প্ৰভুৱে তেওঁৰ লোক সকলক জানে,” আৰু “যি কোনোৱে প্ৰভুৰ নাম লয়, তেওঁ অধার্মিকতাৰ পৰা দূৰ হওক।”