কুচৰ সন্তান সকল হ’ল চবা, হবীলা, চব্তা, ৰয়মা, আৰু চব্তকা; ৰয়মাৰ সন্তান সকল হ’ল চিবা আৰু দদান।
যিচ 21:13 - ইণ্ডিয়ান ৰিভাইচ ভাৰচন (IRV) আচামিচ - 2019 আৰবৰ বিষয়ে ঘোষণা। হে দদানীয়া পথিকসকল, তোমালোকে আৰবৰ অৰণ্যত ৰাতি থাকিব লাগিব। |
কুচৰ সন্তান সকল হ’ল চবা, হবীলা, চব্তা, ৰয়মা, আৰু চব্তকা; ৰয়মাৰ সন্তান সকল হ’ল চিবা আৰু দদান।
ইয়াৰ বাহিৰেও বেপাৰীসকলৰ পৰা আৰু বণিকসকলৰ বাণিজ্যৰ পৰা তেওঁলোকে চলোমনলৈ সোণ আনিছিল৷ আৰবৰ সকলো ৰজা আৰু দেশাধ্যক্ষসকলেও চলোমনলৈ সোণ আৰু ৰূপ আনিছিল৷
অব্ৰাহামৰ উপপত্নী কটুৰাৰ সন্তান সকল হ’ল জিম্ৰণ, যকচন, মদান, মিদিয়ন, যিচবক, আৰু চুহ। যক্সনৰ সন্তান চিবা আৰু দদান।
সেয়ে ই কেতিয়াও নিবাসস্থান নহ’ব, আৰু পুৰুষে পুৰুষে কোনেও তাত বাস নকৰিব। আৰবী লোকসকলেও তাত তম্বু নতৰিব, বা ভেৰা-ৰখীয়াসকলেও সেই ঠাইত নিজৰ জাকক নুশুৱাব।
প্ৰহৰীয়ে উত্তৰ দিলে, “ৰাতিপুৱা হৈছে, আৰু ৰাতিও আহিছে; যদি আপুনি সুধিব, সোধক; আৰু তাৰ পাছত পুনৰ ঘূৰি আহক।”
হে দদান-নিবাসীবিলাক, তোমালোক পলোৱা মুখ ঘূৰাই গভীৰ ঠাইত সোমাই বাস কৰা; কিয়নো মই এচৌৰ ওপৰলৈ তাৰ আপদ আৰু দণ্ড তাক দিয়াৰ সময় আনিম।
দদানৰ লোকসকলেও তোমাৰ বেপাৰী আছিল। অনেক দ্বীপ তোমাৰ অধীনৰ বজাৰ আছিল। তেওঁলোকে শিঙৰ আকৃতিৰ হাতী-দাঁত আৰু অবলুচ কাঠ তোমালোকৰ লগত সলনি কৰিছিল।
কিয়নো আৰব দেশত হাগাৰ শব্দৰ অৰ্থ, চীনয় পৰ্বত; আৰু বৰ্তমানে থকা যিৰূচালেমকো বুজায়; কিয়নো তাই নিজ সন্তানে সৈতে বন্দী অৱস্থাত আছিল।