কাৰণ তোমালোকে তোমালোকৰ পৰিত্ৰাণকৰ্ত্তা ঈশ্বৰক পাহৰিলা, আৰু তোমালোকৰ বলস্বৰূপ শিলালৈ অৱহেলা কৰিলা; সেয়ে তোমালোক আনন্দদায়ক পুলিবোৰ ৰোপন কৰা, আৰু অদ্ভুত শেলুৱইবোৰ আঁতৰোৱা;
যিচ 17:9 - ইণ্ডিয়ান ৰিভাইচ ভাৰচন (IRV) আচামিচ - 2019 সেই দিনা তেওঁলোকৰ দৃঢ় নগৰবোৰ, পৰ্ব্বতৰ টিঙত থকা এঢলীয়া পৰিত্যক্ত কাঠনিৰ দৰে হ’ব, আৰু ইস্রায়েলী লোকসকলকৰ বাবে সেইবোৰ পৰিত্যাগ কৰা হৈছে, আৰু সেইবোৰ জনশূন্যতালৈ পৰিণত হ’ব। |
কাৰণ তোমালোকে তোমালোকৰ পৰিত্ৰাণকৰ্ত্তা ঈশ্বৰক পাহৰিলা, আৰু তোমালোকৰ বলস্বৰূপ শিলালৈ অৱহেলা কৰিলা; সেয়ে তোমালোক আনন্দদায়ক পুলিবোৰ ৰোপন কৰা, আৰু অদ্ভুত শেলুৱইবোৰ আঁতৰোৱা;
তেওঁলোকে নিজৰ হাতেৰে তৈয়াৰ কৰা যজ্ঞ-বেদীলৈ চকু নিদিব, নাইবা তেওঁলোকৰ আঙুলিৰে সজা আচেৰা মুৰ্ত্তিবোৰ বা সূৰ্য প্ৰতিমাবোৰলৈ দৃষ্টি নকৰিব।
কিয়নো গড়েৰে আবৃত নগৰ পৰিত্যক্ত হ’ব, আৰু মানুহ নথকা বাসস্থান হৈ অৰণ্যৰ দৰে নিৰ্জন হ’ব; তাত দামুৰি চৰিব, তাত শুব আৰু ডালবোৰ খাব।
সেই কাৰণে তোমাৰ লোকসকলৰ মাজত যুদ্ধৰ কোলাহল উঠিব, তোমালোকৰ সকলো দুর্গবোৰ বিনষ্ট হ’ব। যেনেকৈ চলমনে যুদ্ধৰ দিনা বৈৎ-অৰ্বেলক ধ্বংস কৰিছিল। সেই সময়ত ল’ৰা-ছোৱালীবোৰৰ সৈতে মাকসকলক আছাৰি ছিৰা-ছিৰ কৰা হৈছিল।
ইচহাকৰ বংশৰ ওখ ঠাইৰ মঠবোৰ ধ্বংস হ’ব আৰু ইস্রায়েলৰ পূণ্যধামবোৰ উচ্ছন্ন হ’ব; মই তৰোৱাল লৈ যাৰবিয়ামৰ বংশৰ বিৰুদ্ধে উঠিম।”
অম্ৰীৰ বিধিবোৰ, আৰু আহাবৰ বংশৰ সকলো কাৰ্যবোৰ পালন কৰিছা, তোমালোকে তেওঁলোকৰ উপদেশত চলিছিলা; সেয়ে মই তোমালোকৰ নগৰ ধ্বংস কৰিম, আৰু তোমালোকক নিবাসীসকলে বিদ্রূপ কৰিব, মোৰ লোকসকলৰ অৱজ্ঞা তোমালোকে বহন কৰিবা।”