অনলাইন বাইবেল

বিজ্ঞাপন


গোটেই বাইবেলখন অ.টি. নতুন নিয়ম




যিচ 13:16 - ইণ্ডিয়ান ৰিভাইচ ভাৰচন (IRV) আচামিচ - 2019

তেওঁলোকৰ চকুৰ আগতে তেওঁলোকৰ কেঁচুৱাবোৰক দলিয়াই ডোখৰ ডোখৰ কৰিব, তেওঁলোকৰ ঘৰবোৰ লুট কৰা হ’ব, আৰু তেওঁলোকৰ মহিলাসকলক ধৰ্ষণ কৰা হ’ব।

অধ্যায়টো চাওক



যিচ 13:16
9 পৰস্পৰ সংযোগসমূহ  

তেওঁলোকৰ ধনুকাঁড় ডেকাসকলক বিন্ধিব, তেওঁলোকে শিশুবোৰক দয়া নকৰিব, আৰু সন্তান সকলক কৃপাদৃষ্টি নকৰিব।


তেওঁলোকৰ পূৰ্বপুৰুষসকলৰ অপৰাধৰ বাবে, তেওঁলোকৰ সন্তান সকলক বধ কৰিবলৈ প্রস্তুত হোৱা, সেয়ে তেওঁলোকে উঠি নাহিব, আৰু পৃথিৱীখন অধিকাৰ কৰিছে, আৰু সমগ্র পৃথিৱীত নগৰেৰে পৰিপূৰ্ণ হৈছে।


কিন্তু এই দুয়োটা বিষয়েই তোমালৈ এদিনতে ঘটিব: তোমাৰ অধিক মায়াকর্ম আৰু তোমাৰ অনেক তন্ত্ৰ মন্ত্ৰ থকা স্বতেও, সন্তান হানি আৰু বৈধব্য, সম্পূর্ণ শক্তিৰে তোমালৈ ঘটিব।


মই তোমাৰ দ্বাৰাই মতা আৰু তিৰোতাক ডোখৰ ডোখৰ কৰিম আৰু তোমাৰ দ্বাৰাই বুঢ়া আৰু ডেকাক ডোখৰ ডোখৰ কৰিম আৰু তোমাৰ দ্বাৰাই যুৱা আৰু যুৱতীক ডোখৰ ডোখৰ কৰিম;


শত্ৰুবোৰে চিয়োনত মহিলাসকলক বলাৎকাৰ কৰিলে, সিহঁতে যিহূদা নগৰবোৰত কুমাৰীসকলক ভ্ৰষ্টা কৰিলে।


সেই কাৰণে তোমাৰ লোকসকলৰ মাজত যুদ্ধৰ কোলাহল উঠিব, তোমালোকৰ সকলো দুর্গবোৰ বিনষ্ট হ’ব। যেনেকৈ চলমনে যুদ্ধৰ দিনা বৈৎ-অৰ্বেলক ধ্বংস কৰিছিল। সেই সময়ত ল’ৰা-ছোৱালীবোৰৰ সৈতে মাকসকলক আছাৰি ছিৰা-ছিৰ কৰা হৈছিল।


তথাপি তাইক নিয়া হৈছিল, তাই বন্দী-অৱস্থালৈ গ’ল, তাইৰ আটাই শিশুক আলিৰ মূৰত আছাৰি ডোখৰ ডোখৰ কৰা হ’ল; শত্ৰুবোৰে তাইৰ সম্ভ্ৰান্ত লোকসকলৰ বাবে চিঠি খেলিলে আৰু তাইৰ আটাই বৰ লোকসকলক শিকলিৰে বন্ধা হ’ল।


কিয়নো মই যুঁজৰ অৰ্থে যিৰূচালেমৰ অহিতে আটাই জাতিক গোটাম; তাতে নগৰখন আটক কৰা হ’ব! ঘৰবোৰ লুট কৰা হ’ব আৰু মহিলাসকলক বলাৎকাৰ কৰা হ’ব! নগৰখনৰ এভাগ লোক বন্দী অৱস্থালৈ ওলাই যাব, কিন্তু অৱশিষ্ট লোকসকলক নগৰখনৰ পৰা উচ্ছন্ন কৰা নহ’ব।