তেতিয়া ঈজেবলে এলিয়াৰ ওচৰলৈ দূত পঠিয়াই এই কথা কো’ৱালে বোলে, “কাইলৈ এনে সময়ত যদি মই তোমাৰ প্ৰাণ তেওঁলোকৰ এজনৰ প্ৰাণৰ দৰে নকৰোঁ, তেন্তে দেৱতাবোৰে মোক অমুক আৰু তাতকৈয়ো অধিক দণ্ড দিয়ক।”
যাত্ৰা 9:18 - ইণ্ডিয়ান ৰিভাইচ ভাৰচন (IRV) আচামিচ - 2019 শুনা, মিচৰ দেশ স্থাপন হোৱা দিনেৰে পৰা আজিলৈকে যি ধৰণে শিলাবৃষ্টি হোৱা নাই, মই কাইলৈ এনে সময়তে প্রচণ্ড শিলাবৃষ্টি বৰষাম। |
তেতিয়া ঈজেবলে এলিয়াৰ ওচৰলৈ দূত পঠিয়াই এই কথা কো’ৱালে বোলে, “কাইলৈ এনে সময়ত যদি মই তোমাৰ প্ৰাণ তেওঁলোকৰ এজনৰ প্ৰাণৰ দৰে নকৰোঁ, তেন্তে দেৱতাবোৰে মোক অমুক আৰু তাতকৈয়ো অধিক দণ্ড দিয়ক।”
কিন্তু কাইলৈ এনে সময়ত মই মোৰ দাসবোৰক তোমাৰ ওচৰলৈ পঠিয়াম, তাতে তেওঁলোকে তোমাৰ ঘৰত আৰু তোমাৰ দাসবোৰৰ ঘৰত বিচাৰ কৰি, তেওঁলোকৰ দৃষ্টিত যি উত্তম, সেই সকলোকে দখল কৰি লৈ আহিব’।”
ইলীচাই ক’লে, “যিহোৱাই যি কৈছে, তাক শুনক। যিহোৱাই কৈছে, ‘অহাকালি, প্রায় এনে সময়ত চমৰিয়া নগৰৰ দুৱাৰ মুখত এক চেয়া পৰিমাণৰ ময়দা আৰু দুই চেয়া পৰিমাণৰ যৱ কেৱল এক চেকলকৈ বিক্রী হ’ব।
ঈশ্বৰৰ লোকে ৰজাক যি কৈছিলে সেইভাৱেই এই ঘটনাটো ঘটিল। তেওঁ কৈছিল, “অহাকালি এনে সময়ত চমৰিয়াৰ দুৱাৰ মুখত দুই চেয়া যৱ ধান এক চেকলত, আৰু এক চেয়া ময়দা এক চেকলত বেচা যাব।”
তেওঁ এইবোৰ হ’বলৈ সৃষ্টি কৰে, সেয়া শাস্তিৰ বাবেই হওক, বা নিজ পৃথিবীৰ বাবেই হওক, নাইবা বিশ্বস্ততাৰ বাবেই হওক, তেওঁ তাক হ’ব দিয়ে।
যত হিম সঞ্চয় কৰা হয়, সেই ভঁৰালত তুমি প্ৰবেশ কৰিছা নে, তুমি সেই শিলাবৃষ্টিৰ ভঁৰাল দেখিছিলা নে?
সেইদৰে তোমাৰ ধুমুহাৰে তুমি তেওঁলোকক খেদি যোৱা, আৰু তোমাৰ প্ৰচণ্ড বতাহেৰে তেওঁলোকক ভয় খুউৱা।
তাতে ফৰিংবোৰ সমগ্র মিচৰ দেশলৈ আহিল, আৰু মিচৰৰ আটাই অঞ্চলত উপদ্রৱ কৰিলে। ইমান বেছি ফৰিং পূৰ্বতে কেতিয়াও হোৱা নাই, আৰু পুনৰ কেতিয়াও নহ’ব।
আপোনাৰ ঘৰ, আৰু আপোনাৰ দাস সকলৰ ঘৰত, আৰু সকলো মিচৰীয়াৰে সকলৰ ঘৰবোৰ সেই কাকতী ফৰিঙেৰে ভৰি পৰিব। ইমান ফৰিং হ’ব যে, আপোনাৰ পিতৃ আৰু আপোনাৰ ওপৰ-পিতৃসকলে কেতিয়াও তেনে ফৰিং দেখা নাই।” তাৰ পাছত মোচি ফৰৌণৰ আগৰ পৰা বাহিৰলৈ ওলাই গ’ল।
তেতিয়া সমগ্র মিচৰ দেশত এনে ক্ৰন্দন হ’ব যে, তেনে ক্রন্দন কেতিয়াও হোৱা নাছিল, আৰু পুনৰ কেতিয়াও নহ’ব।
আৰু মানুহৰ ওপৰত, আকাশৰ পৰা এমোন এমোন গধুৰৰ মহা-শিলাবৃষ্টি হ’ল; এই শিলা-বৃষ্টিৰূপ উৎপাতৰ কাৰণে মানুহে ঈশ্বৰক নিন্দা কৰিলে; কিয়নো সেই উৎপাত অতি ভয়ানক।