যাত্ৰা 8:2 - ইণ্ডিয়ান ৰিভাইচ ভাৰচন (IRV) আচামিচ - 2019 তুমি যদি তেওঁলোকক যাবলৈ দিয়াত অমান্তি হোৱা, তেনেহ’লে মই তোমাৰ দেশৰ সকলো ঠাইত ভেকুলীৰে উপদ্ৰৱ কৰিম। |
তেওঁলোকৰ মাজলৈ তেওঁ জাকে জাকে ডাঁহ পঠাইছিল, সেইবোৰে তেওঁলোকক গ্রাস কৰিলে; তেওঁ ভেকুলীৰ জাকবোৰ পঠালে আৰু সেইবোৰে তেওঁলোকৰ সর্বনাশ কৰিলে।
তাৰ পাছত যিহোৱাই মোচিক ক’লে, “তুমি ফৰৌণৰ ওচৰলৈ গৈ তেওঁক কোৱা যে, ‘যিহোৱাই এইদৰে কৈছে: মোৰ আৰধনা কৰিবৰ অৰ্থে মোৰ লোকসকলক যাবলৈ দিয়া।
নদী ভেকুলীৰে পৰিপূৰ্ণ হ’ব; সেইবোৰ উঠি তোমাৰ ঘৰত, শোৱা কোঁঠালিত, বিচনাত, আৰু তোমাৰ দাসসকলৰ ঘৰতো সোমাব। এনেকি তোমাৰ লোকসকলৰ গাৰ ওপৰত উঠিব, তোমাৰ তন্দুৰ আৰু তোমাৰ আটা খচা পাত্ৰতো সোমাব।