যাত্ৰা 6:19 - ইণ্ডিয়ান ৰিভাইচ ভাৰচন (IRV) আচামিচ - 2019 মৰাৰীৰ পুত্র সকল হ’ল মহলী আৰু মুচী। এওঁলোক বংশধৰ সকলৰ সৈতে লেবী গোষ্ঠীৰ পূৰ্বপুৰুষ আছিল। |
আৰু নিজ নিজ বংশ অনুসাৰে মৰাৰীৰ পুতেক সকলৰ নাম মহলী আৰু মুচী। নিজ নিজ পিতৃ-বংশ অনুসাৰে এই সকলেই লেবীয়াসকলৰ বংশ।
আৰু বংশানুক্ৰমে মৰাৰীৰ সন্তান সকলে নিজ নিজ ফৈদ অনুসাৰে ৰূবেণ ফৈদৰ, গাদ ফৈদৰ আৰু জবূলূন ফৈদৰ পৰা বাৰখন নগৰ পালে।