লিখা অনুসাৰে তেওঁলোকে পঁজা-পৰ্ব্বও পালন কৰিছিল, আৰু প্রতিদিনৰ নিয়ম অনুসাৰে দিনে দিনে হোম-বলি উৎসৰ্গ কৰিছিল।
যাত্ৰা 5:13 - ইণ্ডিয়ান ৰিভাইচ ভাৰচন (IRV) আচামিচ - 2019 তথাপি কঠোৰ তত্বাৱধায়ক সকলে তেওঁলোকক তাড়না কৰি ক’লে, “তোমালোকক নৰা দিওঁতে, তোমালোকে যেনেকৈ কাম কৰিছিলা, এতিয়াও তেনেকৈ প্ৰতিদিনৰ নিৰূপিত কাম সম্পূৰ্ণ কৰা।” |
লিখা অনুসাৰে তেওঁলোকে পঁজা-পৰ্ব্বও পালন কৰিছিল, আৰু প্রতিদিনৰ নিয়ম অনুসাৰে দিনে দিনে হোম-বলি উৎসৰ্গ কৰিছিল।
সেয়ে তেওঁলোকক কঠিন পৰিশ্রমৰ দ্বাৰাই অত্যাচাৰ কৰিবলৈ তেওঁলোকৰ ওপৰত কঠোৰ তত্ত্বাবধায়ক নিযুক্ত কৰিলে। ইস্রায়েলী লোক সকলে পিথোম আৰু ৰামিচেচ নামেৰে ফৰৌণৰ অৰ্থে ভঁৰাল ঘৰৰ নগৰ নিৰ্মাণ কৰিলে।
তোমালোক নিজে যোৱা আৰু য’ত বিচাৰি পোৱা, তাৰ পৰা নৰা বিচাৰি আনা; কিন্তু তোমালোকৰ কামৰ নিৰ্দ্দিষ্ট পৰিমাণ হ্রাস কৰা নহব।’”
তাৰ পাছত ফৰৌণৰ কঠোৰ তত্বাৱধায়ক সকলে শ্রমিক সকলৰ ওপৰত নিযুক্ত কৰা ইস্ৰায়েলী মুখিয়াল সকলক প্ৰহাৰ কৰিলে। সেই তত্বাৱধায়ক সকলে তেওঁলোকক সুধিলে, “তোমালোকক নিৰূপিত কৰি দিয়া অনুপাতে আগৰ দৰে, কালি আৰু আজি তোমালোকে কিয় ইটা তৈয়াৰ কৰিব পৰা নাই?”