যাত্ৰা 40:24 - ইণ্ডিয়ান ৰিভাইচ ভাৰচন (IRV) আচামিচ - 2019 পাছে যিহোৱাই মোচিক আজ্ঞা দিয়াৰ দৰে, তেওঁ সাক্ষাৎ কৰা তম্বুত মেজৰ সন্মুখত আবাসৰ দক্ষিণফালে দীপাধাৰ ৰাখিলে। |
মেজখন পৰ্দাৰ বাহিৰত ৰাখিবা, মেজৰ বিপৰীতে আবাসৰ দক্ষিণ ফালে দীপাধাৰ ৰাখিবা, আৰু মেজখন উত্তৰফালে থ’ব লাগিব।
মেজ ভিতৰলৈ আনি তাক সজাই ৰাখিবা; আৰু দীপাধাৰ ভিতৰলৈ আনি, তাৰ ওপৰত প্ৰদীপবোৰ জ্বলাই দিবা।
ইয়াৰ পাছত যীচুৱে আকৌ লোক সকলৰ লগত কথা কবলৈ ধৰিলে, “মই জগতৰ পোহৰ; যি জন মোৰ পাছে পাছে আহে, তেওঁ আন্ধাৰত নুফুৰি, জীৱনৰ পোহৰ পাব।”
মোৰ সোঁ হাতত যি সাতোটা তৰা দেখিলা, তাৰ গুপুত অৰ্থ এই যে, সেই সাতোটা তৰাই হৈছে সাত মণ্ডলীৰ দূত আৰু সেই সাতোটা দীপাধাৰেই হৈছে সাত মণ্ডলী”।
এতেকে তুমি ক’ৰ পৰা পৰিলা, তাক সোঁৱৰণ কৰা। মন-পালটন কৰা আৰু প্রথমে কৰা কার্যকে তুমি কৰা। যদি মন-পালটন নকৰা, তেনেহলে মই তোমাৰ ওচৰলৈ আহিম আৰু তোমাৰ দীপাধাৰা নিজ ঠাইৰ পৰা স্থানচ্যুত কৰিম।