তেতিয়া ইলীচাই গেহজীক ক’লে, “তোমাৰ কাপোৰ কঁকালত গুজি লৈ মোৰ এই লাখুটিডাল লোৱা আৰু মহিলাগৰাকীৰ ঘৰলৈ যোৱা। কোনো মানুহক লগ পালে, তেওঁক মঙ্গলবাদ নকৰিবা আৰু কোনোবাই মঙ্গলবাদ কৰিলেও তাৰ উত্তৰ নিদিবা। মোৰ লাখুটিডাল ল’ৰাটিৰ মুখৰ ওপৰত ৰাখিবা।”
যাত্ৰা 4:17 - ইণ্ডিয়ান ৰিভাইচ ভাৰচন (IRV) আচামিচ - 2019 এই লাখুটিডাল তুমি নিজ হাতত লোৱা। এই লাখুটি ডালেৰেই তুমি চিনবোৰ দেখুৱাবা।” |
তেতিয়া ইলীচাই গেহজীক ক’লে, “তোমাৰ কাপোৰ কঁকালত গুজি লৈ মোৰ এই লাখুটিডাল লোৱা আৰু মহিলাগৰাকীৰ ঘৰলৈ যোৱা। কোনো মানুহক লগ পালে, তেওঁক মঙ্গলবাদ নকৰিবা আৰু কোনোবাই মঙ্গলবাদ কৰিলেও তাৰ উত্তৰ নিদিবা। মোৰ লাখুটিডাল ল’ৰাটিৰ মুখৰ ওপৰত ৰাখিবা।”
তুমি তোমাৰ লাখুটি তুলি, সাগৰৰ ওপৰলৈ তোমাৰ হাত মেলা, আৰু সাগৰক দুভাগ কৰা; তাতে ইস্ৰায়েলী লোকসকলে সাগৰৰ মাজেৰে শুকান বাটেদি যাব পাৰিব।
সেয়ে মোচিয়ে যিহোচূৱাক ক’লে, “কিছুমান লোকক মনোনীত কৰি বাহিৰলৈ ওলাই গৈ, অমালেকৰ সৈতে যুদ্ধ কৰক। কাইলৈ মই ঈশ্বৰৰ লাখুটি হাতত লৈ পৰ্ব্বতৰ ওপৰত থিয় হ’ম।”
তেতিয়া মোচিয়ে নিজৰ ভাৰ্যা আৰু পুত্রক এটা গাধত উঠাই ল’লে আৰু মিচৰ দেশলৈ যাত্রা কৰিলে। মোচিয়ে ঈশ্বৰৰ সেই লাখুটি ডালো নিজৰ হাতত ল’লে।
“তুমি লাখুটিডাল লোৱা, আৰু তুমি আৰু তোমাৰ ককায় হাৰোণে সমাজক গোটাই লোৱা। শিলটোৱে পানী উলিয়াই বৈ যাবৰ বাবে, তোমালোকে তেওঁলোকৰ চকুৰ আগতেই শিলটোক আজ্ঞা কৰা। এইদৰে তুমি তেওঁলোকৰ বাবে শিলটোৰ পৰা পানী উলিয়াই সমাজক আৰু তেওঁলোকৰ পশুবোৰকো খুৱাবা।”
কিন্তু ঈশ্বৰে জ্ঞানৱন্তক লাজ দিবলৈ জগতৰ মূর্খবোৰক মনোনীত কৰিলে আৰু বলৱন্তক লাজ দিবলৈ ঈশ্বৰে জগতৰ দুর্বলবোৰক মনোনীত কৰিলে।