যাত্ৰা 39:21 - ইণ্ডিয়ান ৰিভাইচ ভাৰচন (IRV) আচামিচ - 2019 বুকুপটা এফোদৰ নিপুণৰূপে বোৱা টঙালিৰ ওপৰত যেন থাকে, আৰু এফোদৰ পৰা যেন এৰাই নাযায়, সেই বাবে তেওঁলোকে নীলা ফিতাৰে বুকুপটাক তাৰ আঙঠিৰে সৈতে এফোদৰ আঙঠিত বান্ধিলে। যিহোৱাই মোচিক দিয়া আজ্ঞা অনুসাৰে তেওঁলোকে সকলো কৰিলে। |
এফোদৰ দৰেই কঁকালত বান্ধিবৰ বাবে এডাল টঙালি এফোদৰ সৈতে সোণোৱালী, নীলা, বেঙুনীয়া, আৰু ৰঙা বৰণীয়া সূতা, ও পকোৱা মিহি শণ সূতাৰে তৈয়াৰ কৰা হ’ব।
তাৰ পাছত আৰু দুটা আঙঠি গঢ়াই, এফোদৰ স্কন্ধপটি দুটাৰ তল ভাগত তাৰ আগফালে, জোৰা দিয়া ঠাইৰ ওচৰত, এফোদৰ নিপুণৰূপে বোৱা টঙালিৰ ওপৰত তাক লগালে।
তাৰ পাছত যীচুৱে তেওঁৰ শিষ্য সকলক ক’লে, “কোনোৱে যদি মোৰ পাছত আহিবলৈ ইচ্ছা কৰে, তেনেহলে তেওঁ নিজকে অস্বীকাৰ কৰক আৰু নিজৰ ক্ৰুচ তুলি লৈ, মোক অনুসৰণ কৰক।
কাৰণ ঈশ্বৰৰ যি মূর্খতা, সেয়া মানুহৰ জ্ঞানতকৈ অধিক জ্ঞানসম্পন্ন আৰু ঈশ্বৰৰ যি দুর্বলতা, সেয়া মানুহৰ শক্তিতকৈ অধিক শক্তিশালী।
কিন্তু ঈশ্বৰে জ্ঞানৱন্তক লাজ দিবলৈ জগতৰ মূর্খবোৰক মনোনীত কৰিলে আৰু বলৱন্তক লাজ দিবলৈ ঈশ্বৰে জগতৰ দুর্বলবোৰক মনোনীত কৰিলে।