যাত্ৰা 36:10 - ইণ্ডিয়ান ৰিভাইচ ভাৰচন (IRV) আচামিচ - 2019 তাৰ পাছত বচলেলে পাঁচখন পৰ্দা ইখনক সিখনৰ লগত জোৰা দিলে, আৰু আন পাঁচখনো ইখনক সিখনৰ লগত জোৰা দিলে। |
পাঁচখন পৰ্দা ইখনৰ লগত সিখন একেলগে জোৰা দিব লাগিব, আৰু আন পাঁচখন পৰ্দাও একেদৰে যোৰা দিব লাগিব।
তেওঁ নীলা জৰীৰ পাক প্ৰথমে জোৰা দিয়া পাঁচখন পৰ্দাৰ শেষৰ খনৰ আউঠিত লগালে, আৰু দ্বিতীয়তে জোৰা দিয়া পাঁচখন পৰ্দাৰ শেষৰ খনৰ আউঠিতো নীলা জৰীৰ পাক দিলে।
তাৰ পাছত মই জাতিবোৰক পবিত্র ওঁঠ দিম যাতে তেওঁলোকে সকলোৱে কান্ধত কান্ধ মিলাই একে মনেৰে মোৰ প্রার্থনা কৰিব পাৰে।
কিন্তু মোৰ প্রিয় ভাই আৰু ভনী সকল, আমাৰ প্রভু যীচু খ্রীষ্টৰ নামত মই আপোনালোকক বিনয় কৰোঁ যে, আপোনালোকৰ পৰস্পৰৰ মাজত যেন মতৰ মিল থাকে; আপোনালোকৰ মাজত কোনো বিভেদ নাথাকক। আপোনালোক সকলোৰে যেন একে মন আৰু এক উদ্দেশ্য হয়।
তেনেহলে আপোনালোকে একে বিষয় ভাবি, এক প্ৰেমৰ, এক মনৰ আৰু এক ভাবৰ লোক হৈ মোৰ আনন্দ পৰিপূৰ্ণ কৰক৷
এতেকে আমি যিমান সিদ্ধ লোক আছোঁ, সকলোৱে সেইৰূপে ভাবক আৰু যদি কোনো বিষয়ত আপোনালোকৰ অন্য ভাব থাকে, তেনেহলে ঈশ্বৰে সেই বিষয়ে আপোনালোকলৈ প্ৰকাশ কৰিব।