এই কাৰণে চোৱা, মই তোমাৰ বাক্যৰ দৰেই সকলো কৰিলোঁ। তোমাক মই এনে জ্ঞান আৰু বুদ্ধি থকা মন দিলা যে, তোমাৰ আগেয়ে তোমাৰ তুল্য কোনো হোৱা নাই বা তোমাৰ পাছতো উৎপন্ন নহ’ব।
যাত্ৰা 31:6 - ইণ্ডিয়ান ৰিভাইচ ভাৰচন (IRV) আচামিচ - 2019 চোৱা, মই দান ফৈদৰ অহীচামকৰ পুত্ৰ অহলীয়াবক তেওঁৰ সহকাৰী নিযুক্ত কৰিলোঁ। সকলো জ্ঞানী লোকৰ হৃদয়ত দক্ষতাৰে পৰিপূৰ্ণ কৰিলোঁ; সেয়ে মই তোমাক যিবোৰ নিৰ্মাণ কৰিবলৈ আজ্ঞা দিলোঁ, সেই সকলোবোৰ তেওঁলোকে নিৰ্মাণ কৰিব। |
এই কাৰণে চোৱা, মই তোমাৰ বাক্যৰ দৰেই সকলো কৰিলোঁ। তোমাক মই এনে জ্ঞান আৰু বুদ্ধি থকা মন দিলা যে, তোমাৰ আগেয়ে তোমাৰ তুল্য কোনো হোৱা নাই বা তোমাৰ পাছতো উৎপন্ন নহ’ব।
মোৰ অৰ্থে পুৰোহিতৰ কাৰ্য কৰিবলৈ হাৰোণক পবিত্ৰকৃত কৰিবলৈ মই দিয়া জ্ঞানৰ আত্মাৰে পৰিপূৰ্ণ হোৱা নিপূণ লোকসকলক তেওঁৰ বস্ত্ৰ যুগুত কৰিবলৈ তুমি আজ্ঞা কৰিবা।
আপোনালোকৰ মাজৰ প্ৰত্যেক দক্ষতাসম্পন্ন লোক আহক, আৰু যিহোৱাই আজ্ঞা কৰা সকলোকে তৈয়াৰ কৰক।
যিহোৱাই বচলেল আৰু অহলীয়াবক শিক্ষা দান কৰিবলৈ বিশেষ ক্ষমতা দিলে, অহলীয়াব হ’ল দান বংশৰ অহীচামকৰ পুত্ৰ।
যিহোৱাই এই দুয়োজনক সকলো প্রকাৰ কাৰ্য কৰিবলৈ বিশেষ দক্ষতা দিলে। তেওঁলোক সূতাৰ আৰু ধাতুৰ কাৰ্য কৰাত দক্ষতাসম্পন্ন। নীলা, বেঙুনীয়া, আৰু ৰঙা বৰণীয়া মিহি শণ সূতাৰে ফুল বছা কৰ্ম, আৰু কাপোৰ বোৱা কাৰ্য কৰে। তেওঁলোকে সকলো প্রকাৰৰ শিল্পকাৰ্য কৰে, আৰু তেওঁলোক শিল্পিসুলভ নক্সাকাৰ।
সেয়ে তেওঁলোকৰ মাজত শিল্পকাৰ্য কৰা লোকসকলে আবাসৰ কাৰ্য আৰম্ভ কৰিলে। তেওঁলোকে পকোৱা মিহি শণ সূতা, আৰু নীলা, বেঙুনীয়া, আৰু ৰঙা বৰণীয়া সূতাৰে দহখন পৰ্দা তৈয়াৰ কৰিলে। তেওঁলোকে পৰ্দাৰ ওপৰত কৰূবৰ ছবি আঁকিলে। এই কাৰ্য অতি নিপূণ শিল্পকাৰ বচলেলৰ কাম আছিল।
দান ফৈদৰ অহীচামকৰ পুত্ৰ অহলীয়াব তেওঁৰ সহায়কাৰী আছিল, তেওঁ এজন দক্ষতাসম্পন্ন লোক আৰু নিপুণ শিল্পকাৰ আছিল। তেওঁ নীলা, বেঙুনীয়া আৰু ৰঙা বৰণীয়া মিহি শণ সূতাৰে ফুল বাছিব জনা লোক আছিল।
এই দুজন পুৰুষ হাৰোণ আৰু মোচিক যিহোৱাই কৈছিল, “তোমালোকে ইস্ৰায়েলৰ লোকসকলক তেওঁলোকৰ যুদ্ধাৰু দলৰ সৈতে মিচৰ দেশৰ পৰা উলিয়াই আনাগৈ।”
এইবোৰ কথা কোৱাৰ পাছত প্ৰভু যীচুৱে আন সত্তৰ জনক নিযুক্তি কৰিলে৷ তাৰ পাছত তেওঁ নিজে যি যি নগৰ আৰু ঠাইত যাব বিচাৰিছিল, সেইবোৰ ঠাইলৈ দুজন দুজনকৈ পঠিয়াই দিলে।
যি সময়ত তেওঁলোকে প্ৰভুৰ উপাসনা কৰি লঘোন দি আছিল, সেই সময়তে পবিত্ৰ আত্মাই কলে, “যি কৰ্ম কৰিবলৈ মই বাৰ্ণব্বা আৰু চৌলক মাতিলোঁ, সেই কৰ্মৰ কাৰণে তেওঁলোকক মোলৈ পৃথক কৰি দিয়া৷”
কিন্তু আপোনালোকৰ কাৰোবাৰ যদি জ্ঞানৰ অভাৱ হয় তেনেহলে যি জন দিওঁতা ঈশ্ৱৰ, যি জনে গৰিহণা নকৰাকৈ মুক্তহস্তে সকলোকে দান কৰে, তেওঁক যাচনা কৰক আৰু তাতে আপোনালোকক দিয়া হ’ব।