আপোনাৰ পবিত্ৰ বিশ্ৰাম-বাৰ তেওঁলোকক জনালে, আৰু আপোনাৰ দাস মোচিৰ দ্বাৰাই তেওঁলোকক আজ্ঞা, বিধি, আৰু নিয়ম প্রণালীবোৰ দিলে।
যাত্ৰা 31:14 - ইণ্ডিয়ান ৰিভাইচ ভাৰচন (IRV) আচামিচ - 2019 সেয়ে তোমালোকে বিশ্ৰাম-দিন পালন কৰিব লাগিব; কিয়নো তোমালোকৰ বাবে সেয়ে পবিত্ৰ দিন। যিজনে সেই দিন অপবিত্ৰ কৰিব, অৱশ্যেই তেওঁৰ প্ৰাণ দণ্ড হ’ব; কিয়নো যিকোনোৱে সেই দিনা কাম কৰিব, তেওঁক নিজৰ লোকসকলৰ মাজৰ পৰা উচ্ছন্ন কৰা হ’ব। |
আপোনাৰ পবিত্ৰ বিশ্ৰাম-বাৰ তেওঁলোকক জনালে, আৰু আপোনাৰ দাস মোচিৰ দ্বাৰাই তেওঁলোকক আজ্ঞা, বিধি, আৰু নিয়ম প্রণালীবোৰ দিলে।
যি কোনোৱে এই তেলৰ দৰে আন সুগন্ধি প্রস্তুত কৰিব, বা যি কোনোৱে গাত তাৰ অলপো লগাব, তেওঁক নিজৰ লোকসকলৰ মাজৰ পৰা উচ্ছন্ন কৰা হ’ব’।”
যি কোনোৱে নিজৰ বাবে এইদৰে সুগন্ধি তৈয়াৰ কৰিব, তেওঁক নিজৰ লোকসকলৰ মাজৰ পৰা উচ্ছন্ন কৰা হ’ব।”
ছয়দিন কাম কৰিব লাগিব, কিন্তু সপ্তম দিন সম্পূৰ্ণ বিশ্ৰামৰ বাবে বিশ্ৰাম-দিন হ’ব। সেয়ে যিহোৱাৰ উদ্দেশ্যে পবিত্ৰ দিন; সেই বিশ্ৰাম দিনত যি কোনোৱে কাম কৰিব, তাৰ অৱশ্যেই প্ৰাণদণ্ড হ’ব।
কাৰণ তেওঁলোকে মোৰ শাসন-প্ৰণালীবোৰ অগ্ৰাহ্য কৰিলে, মোৰ বিধিমতে নচলিলে আৰু মোৰ বিশ্ৰাম-দিনবোৰ অপবিত্ৰ কৰিলে; কিয়নো তেওঁলোকৰ মন তেওঁলোকৰ প্রতিমাবোৰৰ পাছত চলি আছিল।
তেতিয়া মই কলোঁ, মই তেওঁলোকৰ ওপৰত মোৰ ক্রোধ বাকি দিবলৈ আৰু তেওঁলোকক মৰুপ্ৰান্তত মোৰ খঙত মই শেষ কৰিবলৈ বিচাৰিলো।
কাৰণ তেওঁলোকে মোৰ শাসন-প্ৰণালী অনুসাৰে কাৰ্য নকৰিলে, কিন্তু মোৰ বিধিবোৰ অগ্ৰাহ্য কৰিলে, মোৰ বিশ্ৰাম-দিনবোৰ অপবিত্ৰ কৰিলে। তেওঁলোকৰ চকু তেওঁবিলাকৰ পূৰ্বপুৰুষসকলৰ প্রতিমাবোৰত আসক্ত থাকিল।
আৰু কোনো বিবাদ হ’লে, তেওঁলোকে বিচাৰ কৰিবলৈ থিয় হ’ব; মোৰ বিচাৰ অনুসাৰে তেওঁলোকে বিচাৰ কৰিব; মোৰ আটাই নিৰূপিত পৰ্ব্বতবোৰত মোৰ ব্যৱস্থা আৰু বিধিবোৰ তেওঁলোকে পালন কৰিব; আৰু মোৰ বিশ্ৰাম-দিনবোৰ পবিত্ৰ কৰিব।
তোমালোকৰ বাবে চিৰস্থায়ী বিধি এই। সপ্তম মাহৰ দশম দিনা স্বদেশীয় হওঁক বা তোমালোকৰ মাজত বাস কৰা বিদেশীয়েই হওঁক, তোমালোক সকলোৱেই নিজ নিজ প্ৰাণক দুখ দি লঘোন দিবা আৰু কোনো কৰ্ম নকৰিবা।
মোচিৰ বিধান যেন উলঙ্ঘন কৰা নহয়, এই যুক্তিতে যদি বিশ্ৰাম বাৰেও মানুহৰ চুন্নৎ কৰা হয়, তেনেহলে মই বিশ্ৰামবাৰে এজন মানুহক সম্পূর্ণভাৱে সুস্থ কৰিলোঁ কাৰণে আপোনালোকৰ মোৰ ওপৰত কিয় খং উঠিছে?