অনলাইন বাইবেল

বিজ্ঞাপন


গোটেই বাইবেলখন অ.টি. নতুন নিয়ম




যাত্ৰা 29:10 - ইণ্ডিয়ান ৰিভাইচ ভাৰচন (IRV) আচামিচ - 2019

তুমি সাক্ষাৎ কৰা তম্বুৰ সন্মুখলৈ সেই দমৰাটো লৈ আনিবা; তেতিয়া হাৰোণ আৰু তেওঁৰ পুত্ৰসকলে দমৰাটোৰ মুৰত হাত দিব লাগিব।

অধ্যায়টো চাওক



যাত্ৰা 29:10
13 পৰস্পৰ সংযোগসমূহ  

তুমি সাক্ষাৎ কৰা তম্বুৰ দুৱাৰ মুখত যিহোৱাৰ সন্মুখত সেই দমৰাটো বধ কৰিবা।


তুমি এটা মেৰ-ছাগ পোৱালিও লগত ল’বা। হাৰোণ আৰু তেওঁৰ পুত্ৰসকলে সেই মেৰ-ছাগটোৰ মুৰত হাত দিব।


তাৰ পাছত তুমি আনটো মেৰ-ছাগ পোৱালি ল’বা। হাৰোণ আৰু তেওঁৰ পুত্ৰসকলে সেই মেৰ-ছাগটোৰ মুৰত হাত দিব।


আমি সকলোৱে মেৰ-ছাগৰ দৰে অপথে গৈছিলোঁ; আমি প্ৰতিজনে নিজৰ নিজৰ পথে ঘুৰিছিলোঁ, আৰু যিহোৱাই আমাৰ সকলোৰে ঘোৰ অধর্মৰ ভাৰ তেওঁৰ ওপৰত দিলে।


তাক শুচি কৰি এঁটালে তুমি এটা নিঘুণ ডেকা ভতৰা আৰু জাকৰ পৰা এটা নিঘূণ মতা মেৰ উৎসৰ্গ কৰিবা।


পাছত তেওঁ হোম-বলিৰ মূৰত হাত দিব; তেতিয়া সেই বলি তেওঁৰ প্ৰায়শ্চিত্তৰ অৰ্থে তেওঁৰ পক্ষত গ্ৰাহ্য হ’ব।


পাছত তেওঁ তেওঁৰ হাত দুখন সেই জীয়া ছাগলীটোৰ মুৰত দিব; আৰু ইস্ৰায়েলৰ সন্তান সকলৰ সকলো অপৰাধ আৰু তেওঁলোকৰ আটাই অধৰ্ম, তেওঁলোকৰ সকলো পাপ তাৰ ওপৰত স্বীকাৰ কৰি, তেওঁ সেই সকলোকে সেই ছাগলীৰ মুৰত অৰ্পণ কৰিব। পাছে যুগুতে থকা মানুহ এটাৰ হতুৱাই তাক মৰুভূমিলৈ পঠিয়াই দিব।


তেওঁ নিজ উপহাৰৰ মূৰত হাত দিব আৰু সাক্ষাৎ কৰা তম্বুৰ দুৱাৰমুখত তাক কাটিব; তেতিয়া হাৰোণৰ পুত্ৰ পুৰোহিত সকলে তাৰ তেজ বেদীৰ কাষৰ চাৰিওফালে ছটিয়াই দিব।


তেওঁ সেই দমৰা ষাঁড়-গৰুটো সাক্ষাৎ কৰা তম্বুৰ দুৱাৰ মুখেৰে যিহোৱাৰ আগলৈ আনিব আৰু ষাঁড়-গৰুটোৰ মূৰত হাত দি, যিহোৱাৰ সন্মুখত তাক কাটিব।


তেতিয়া মোচিয়ে পাপাৰ্থক বলিদানৰ বাবে অনা দমৰা গৰুটো লৈ অহাৰ পাছত, হাৰোণ আৰু তেওঁৰ পুত্ৰসকলে সেই পাপাৰ্থক গৰুটোৰ মূৰত হাত দিলে।


পাছত মোচিয়ে আন এটা মতা মেৰ হোমবলিৰ বাবে লৈ আহিল; হাৰোণ আৰু তেওঁৰ পুত্ৰসকলে মেৰৰ মূৰত হাত দিলে।


পাছত লেবীয়াসকলে সেই দুটা দমৰা ষাঁড়-গৰুৰ মূৰত হাত দিব; আৰু তুমি লেবীয়াসকলক প্ৰায়শ্চিত্ত কৰিবৰ কাৰণে, যিহোৱাৰ উদ্দেশ্যে এটা দমৰা ষাঁড়-গৰু পাপাৰ্থক বলিস্বৰূপে আৰু আনটো হোম বলিস্বৰূপে উৎসৰ্গ কৰিবা।


তেওঁ আমাক খ্ৰীষ্টত ঈশ্বৰীয় ধাৰ্মিকতা স্বৰূপ হ’বলৈ, পাপ নকৰা জনকে পাপী কৰি, তেওঁকে আমাৰ পাপৰ বাবে ক্ৰুচত বলি স্বৰূপে উৎসর্গ কৰিলে।