সেইদৰে উত্তৰফালে এশ হাত দীঘল কাপোৰ বিশটা খুটাৰ সৈতে থাকিব। সেই খুটাবোৰত বিশটা পিতলৰ চুঙী, আৰু হাঁকোটা লগা থাকিব আৰু মাৰি কেইডাল ৰূপৰ হ’ব লাগিব।
যাত্ৰা 27:10 - ইণ্ডিয়ান ৰিভাইচ ভাৰচন (IRV) আচামিচ - 2019 সেই কাপোৰ ওলমাবলৈ বিশটা খুঁটা; আৰু সেইবোৰৰ বাবে পিতলৰ বিশটা চুঙী; খুটাবোৰৰ হাঁকোটা আৰু মাৰি কেইডাল ৰূপৰ হ’ব লাগিব। |
সেইদৰে উত্তৰফালে এশ হাত দীঘল কাপোৰ বিশটা খুটাৰ সৈতে থাকিব। সেই খুটাবোৰত বিশটা পিতলৰ চুঙী, আৰু হাঁকোটা লগা থাকিব আৰু মাৰি কেইডাল ৰূপৰ হ’ব লাগিব।
তুমি আবাসৰ বাবে চোতাল প্রস্তুত কৰিব লাগিব। চোতালৰ দক্ষিণফালে মিহি শণ সূতাৰ এশ হাত দীঘল কাপোৰ ওলমাবা।
পৰ্দাৰ বাবে পাঁচোটা খুঁটা আৰু সেইবোৰৰ হাঁকোটা বনালে। খুটাবোৰৰ ওপৰভাগত আৰু মাৰিবোৰত সোণৰ পতা মাৰিলে। সেইবোৰৰ বাবে পাঁচটা পিতলৰ চুঙী তৈয়াৰ কৰিলে।
বিশটা খুটাৰ পৰা পৰ্দাবোৰ ওলমোৱা হৈছিল, আৰু খুটাবোৰৰ বিশটা চুঙী পিতলৰ আছিল। খুটাবোৰৰ হাঁকোটা আৰু শলি ৰূপৰ আছিল।
চোতালৰ বাবে চুঙী, চোতালৰ প্রবেশ দুৱাৰৰ বাবে চুঙী, আবাসৰ বাবে সকলো খুঁটা, আৰু চোতালৰ বাবে সকলো খুঁটা গঢ়ালে।
আৰু সেই স্তম্ভ দুটাৰ বিষয়ে হ’লে প্ৰথমটো ওখই ওঠৰ হাত; আৰু বাৰহতীয়া সূতাই তাক মেৰাব পাৰিছিল, আৰু তাৰ ডাঠ চাৰি আঙুল; সেয়ে ফোপোলা আছিল।