যিহোৱাৰ বাক্য অনুসাৰে মোচিয়ে যেনেকৈ আজ্ঞা কৰিছিল, তেনেকৈ লেবীয়াসকলে কাঠৰ দীঘল মাৰিৰে নিজৰ কান্ধত যিহোৱাৰ নিয়ম-চন্দুক বৈ ল’লে।
যাত্ৰা 25:14 - ইণ্ডিয়ান ৰিভাইচ ভাৰচন (IRV) আচামিচ - 2019 নিয়ম চন্দুক বৈ নিবৰ বাবে, সেই কানমাৰি নিয়ম-চন্দুকৰ দুয়ো ফালে থকা আঙঠিত সুমুৱাবা। |
যিহোৱাৰ বাক্য অনুসাৰে মোচিয়ে যেনেকৈ আজ্ঞা কৰিছিল, তেনেকৈ লেবীয়াসকলে কাঠৰ দীঘল মাৰিৰে নিজৰ কান্ধত যিহোৱাৰ নিয়ম-চন্দুক বৈ ল’লে।
তেতিয়া দায়ূদে ক’লে, “ঈশ্বৰৰ নিয়ম-চন্দুক কেৱল লেবীয়াসকলে বব পাৰিব, কাৰণ যিহোৱাই নিয়ম-চন্দুক ববলৈ আৰু সদা-সৰ্ব্বদাই তেওঁৰ পৰিচৰ্যা কৰিবলৈ তেওঁলোকক মনোনীত কৰিছে।”
তুমি সোণৰ দুটা আঙঠি গঢ়াই, কিনাৰৰ তলত দুই কাষৰ দুই চুকৰ ওপৰত লগাবা। বেদীটো বৈ নিবলৈ আঙঠি দুটা কানমাৰি সুমুউৱাৰ ঠাই হ’ব।
তেতিয়া নুনৰ পুত্ৰ যিহোচূৱাই পুৰোহিতসকলক মাতি আনি ক’লে, “তোমালোকে নিয়ম-চন্দুক দাঙি লোৱা আৰু পুৰোহিত সাত জনে যিহোৱাৰ নিয়ম-চন্দুকৰ আগে আগে মহাশব্দকাৰী সাতোটা শিঙা লৈ যোৱা।”