যাত্ৰা 23:9 - ইণ্ডিয়ান ৰিভাইচ ভাৰচন (IRV) আচামিচ - 2019 তোমালোকে বিদেশী লোকক উপদ্ৰৱ নকৰিবা; কাৰণ তোমোলোকো মিচৰ দেশত বিদেশী হৈ আছিলা, সেয়ে বিদেশী লোকৰ মনৰ কথা তোমালোকে জানিব লাগে। |
তথাপিও তেওঁ যদি এদিন বা দুদিন জীয়াই থাকে, তেনেহ’লে তেওঁ শাস্তি নাপায়; কাৰণ তেওঁ তেওঁৰ দাস হেৰোৱাই কষ্ট ভুগিব।
তোমালোকে বিদেশীক অন্যায় নকৰিবা, আৰু তেওঁলোকক উপদ্ৰৱ নকৰিবা; কিয়নো মিচৰ দেশত তোমালোকো বিদেশী হৈ আছিল।
দেশৰ প্ৰজাসকলে উপদ্ৰৱ কৰে, বলেৰে লয়, এনে কি, দুখী-দৰিদ্ৰক দুখ দিয়ে আৰু বিদেশীক অন্যায়কৈ অত্যাচাৰ কৰে।
তোমাৰ মাজত পিতৃ-মাতৃক হেয়জ্ঞান কৰা হৈছে, তোমাৰ মাজত বিদেশীক অত্যাচাৰ কৰা হৈছে; তোমাৰ মাজত পিতৃহীন আৰু বিধৱাক অন্যায় কৰা হৈছে।
আৰু কোনো বিদেশী লোকে যদি তোমালোকৰ দেশত তোমালোকৰে সৈতে বাস কৰে, তেন্তে তোমালোকে তাক উপদ্ৰৱ নকৰিবা।
কোনো ইদোমীয়া লোকক আপোনালোকে ঘৃণা নকৰিব; কিয়নো তেওঁ আপোনালোকৰ ইস্রায়েলীয়া ভাই। কোনো মিচৰীয়া লোকক আপোনালোকে ঘৃণা নকৰিব, কাৰণ আপোনালোক তেওঁৰ দেশত বিদেশী হৈ আছিল।
যি কোনোৱে বিদেশী, পিতৃহীন আৰু বিধৱাৰ প্রতি অন্যায় বিচাৰ হ’বলৈ দিয়ে, তেওঁ অভিশপ্ত হওক; তাতে সকলো লোকে ক’ব ‘আমেন।’