কিন্তু যদি সেই গৰুৱে আগেও শিঙেৰে খোঁচাৰ অভ্যাস আছে, আৰু গৰাকীক সেই বিষয়ে সাৱধান কৰি দিয়াৰ পাছতো যদি গৰাকীয়ে গৰুটোক সাৱধানে নাৰাখে, আৰু সেই গৰুৱে যদি কোনো পুৰুষ বা মহিলাক খুচি মাৰে, তেনেহ’লে সেই গৰুটোক শিল দলিয়াই বধ কৰা হ’ব, লগতে গৰুটোৰ গৰাকীকো প্ৰাণদণ্ড দিয়া হ’ব।
কোনো গৰুৱে যদি কোনো পুৰুষ বা মহিলাক শিঙেৰে খোঁচোতে, তেওঁৰ মৃত্যু হয়, তেনেহ’লে লোকসকলে সেই গৰুটোক অৱশ্যে শিল দলিয়াই বধ কৰিব। সেই গৰুৰ মাংস খাব নোৱাৰিব; কিন্তু গৰুৰ গৰাকী সেই দোষত নির্দোষী হ’ব।
কিন্তু যদি সেই গৰুৱে আগেও খোঁচাৰ অভ্যাস আছে, আৰু সেই কথা গৰাকীয়ে জানিবলৈ পায়ো গৰুটোক সাৱধানে নেৰাখে, তেনেহ’লে তেওঁ সেই গৰুৰ সলনি আন গৰু দি ক্ষতিপূৰণ কৰিব লাগিব, আৰু মৰা গৰুটো তেওঁৰ নিজৰ হ’ব।”