অনলাইন বাইবেল

বিজ্ঞাপন


গোটেই বাইবেলখন অ.টি. নতুন নিয়ম




যাত্ৰা 21:17 - ইণ্ডিয়ান ৰিভাইচ ভাৰচন (IRV) আচামিচ - 2019

যি কোনোৱে নিজৰ পিতৃ বা মাতৃক শাও দিয়ে, তেওঁৰ অৱশ্যেই প্ৰাণদণ্ড হ’ব।

অধ্যায়টো চাওক



যাত্ৰা 21:17
11 পৰস্পৰ সংযোগসমূহ  

তোমালোকৰ ঈশ্বৰ যিহোৱাই তোমালোকক যি দেশ দিছে, সেই দেশত তোমালোকৰ আয়ুস দীঘল হ’বলৈ, তোমালোকে তোমালোকৰ পিতৃ-মাতৃক সন্মান কৰিবা।


লোকসকলে বিবাদ কৰোঁতে, এজনে আন জনক শিল দলিয়ালে বা ভুকু মাৰিলে, তেওঁ যদি নমৰি শয্যাগত হয়,


যি জনে নিজৰ পিতৃক নাইবা মাতৃক শাও দিয়ে, ঘোৰ অন্ধকাৰত তাৰ চাকি নুমাই যায়।


এটা বংশ আছে, যি নিজৰ পিতৃক শাও দিয়ে, আৰু নিজৰ মাতৃক মহিমান্বিত নকৰে।


যি চকুৱে নিজৰ পিতৃক উপহাস কৰে, আৰু মাতৃৰ আজ্ঞা পালন কৰিবলৈ ঘিণ কৰে, তেওঁৰ চকু উপত্যকাৰ কাউৰীবোৰৰ দ্বাৰাই কাঢ়ি উলিওৱা হ’ব, আৰু শগুণে তেওঁক খাব।


কোনো এজন মাক-বোপেকৰ যদি জেদী ও বিৰোধী বা মাক দেউতাকৰ কথা নুশুনা আৰু শাস্তি দিলেও তেওঁলোকৰ কথা শুনিবলৈ অস্বীকাৰ কৰা ল’ৰা, কোনো মানুহৰ থাকিলে;


তেতিয়া ল’ৰাজন নিবাস কৰা নগৰৰ সকলো লোকে ল’ৰা জনক শিল দলিয়াই বধ কৰিব। এইদৰে আপোনালোকে আপোনালোকৰ মাজৰ পৰা দুষ্টতা দূৰ কৰিব। তাতে ইস্ৰায়েলৰ লোকসকলে এই বিষয়ে শুনি ভয় পাব।


যি কোনোৱে নিজ পিতৃ-মাতৃক অমান্য কৰিব, তেওঁ অভিশপ্ত হওক; তাতে সকলো লোকে কব ‘আমেন।’