যাকোবে নিজৰ মোমায়েক লাবনৰ জীয়েক ৰাহেল আৰু তেওঁৰ মেৰ-ছাগবোৰক দেখি ওচৰ চাপি গ’ল। তেওঁ নাদৰ মুখৰ পৰা শিলচটা আঁতৰাই দি মেৰ-ছাগৰ জাকক পানী খুৱালে।
যাত্ৰা 2:19 - ইণ্ডিয়ান ৰিভাইচ ভাৰচন (IRV) আচামিচ - 2019 তেওঁলোকে ক’লে, “এজন মিচৰীয়া মানুহে আমাক মেৰ-ছাগ ৰখীয়া সকলৰ পৰা ৰক্ষা কৰিলে। এনেকি তেওঁ আমাৰ বাবে পানী তুলি মেৰ-ছাগ জাকক খুৱালে।” |
যাকোবে নিজৰ মোমায়েক লাবনৰ জীয়েক ৰাহেল আৰু তেওঁৰ মেৰ-ছাগবোৰক দেখি ওচৰ চাপি গ’ল। তেওঁ নাদৰ মুখৰ পৰা শিলচটা আঁতৰাই দি মেৰ-ছাগৰ জাকক পানী খুৱালে।
তাতে সেই দেশ নিবাসী কনানীয়াসকলে আটদৰ মৰণা মৰা ঠাইত এইদৰে শোক কৰা দেখি ক’লে, “মিচৰীয়াসকলৰ এয়ে অতি দাৰুণ শোক।” এই হেতুকে যৰ্দ্দনৰ সিপাৰে থকা সেই ঠাই আবেল-নিশ্ৰিয়াম নামেৰে প্ৰখ্যাত হ’ল।
ছোৱালী কেইজনী যেতিয়া তেওঁলোকৰ পিতৃ ৰূৱেলৰ ওচৰলৈ গ’ল, তেতিয়া তেওঁ ছোৱালী কেইজনীক সুধিলে, “আজিনো কেনেকৈ ইমান সোনকালে ঘৰলৈ আহিলা?”
তেতিয়া তেওঁৰ ছোৱালী কেইগৰাকীক তেওঁ সুধিলে, “তেওঁ ক’ত আছে? তোমালোকে সেই ব্যক্তি জনক কিয় এৰি আহিলা? তেওঁক মাতি আনা যাতে তেওঁ আমাৰ লগত ভোজন কৰিব পাৰে।”