যাত্ৰা 19:1 - ইণ্ডিয়ান ৰিভাইচ ভাৰচন (IRV) আচামিচ - 2019 ইস্ৰায়েলৰ লোকসকল তৃতীয় মাহত মিচৰ দেশৰ পৰা ওলাই যোৱাৰ পাছত, সেই দিনাই তেওঁলোক চীনয় মৰুভূমি আহি পালে। |
এইদৰে যিহোৱাই সেই দিনাই ইস্ৰায়েলৰ লোক সকলক সৈন্যৰ দলেৰে সৈতে মিচৰ দেশৰ পৰা বাহিৰ কৰি আনিলে।
তোমালোকে এই মাহৰ চৌদ্ধ দিনলৈকে তাক ৰাখিবা; তাৰ পাছত সমবেত ইস্ৰায়েলী সকলো লোকে গধূলি পৰত তাক বধ কৰিবা।
ইস্ৰায়েলী লোকসকলে এলীমৰ পৰা যাত্ৰা কৰিলে। মিচৰ দেশৰ পৰা ওলাই অহাৰ পাছত দ্বিতীয় মাহৰ পোন্ধৰ দিনৰ দিনা, এলীম আৰু চীনয় এই দুয়োৰো মাজত থকা চীন মৰুপ্রান্তৰ পালে।
ঈশ্বৰে উত্তৰ দি ক’লে, “অৱশ্যে মই তোমাৰ সঙ্গী হ’ম; আৰু মইয়ে তোমাক পঠালোঁ, ইয়াৰ চিন তোমালৈ এয়ে হ’ব যে, তুমি মিচৰৰ পৰা লোকসকলক উলিয়াই আনি, এই পৰ্ব্বততে তোমালোকে ঈশ্বৰৰ আৰধনা কৰিবা।”
পাছত মিচৰ দেশৰ পৰা লোকসকল ওলাই যোৱাৰ দ্বিতীয় বছৰৰ দ্বিতীয় মাহৰ প্ৰথম দিনা, চীনয় মৰুভূমিত সাক্ষাৎ কৰা তম্বুত যিহোৱাই মোচিক ক’লে,
তাতে, ইস্ৰায়েলৰ সন্তান সকলে যাত্ৰা কৰাৰ নিয়ম অনুসাৰে চীনয় অৰণ্যৰ পৰা প্ৰস্থান কৰিলে; পাছত সেই মেঘ পাৰণ মৰুভুমিত ৰ’ল।
তেওঁ ক’লে, হোৰেব পাহাৰত, “আমাৰ ঈশ্বৰ যিহোৱাই আমাক কৈছিল, ‘তোমালোকে যথেষ্ট কাল এই পাহাৰত বাস কৰিছা।
যি দিনা হোৰেব পর্বতত আপোনালোক আপোনালোকৰ ঈশ্বৰ যিহোৱাৰ আগত উপস্থিত হৈছিল, সেই দিনটোৰ কথা আপোনালোকে মনত ৰাখিব। সেই দিনা যিহোৱাই মোক কৈছিল, “তুমি লোকসকলক মোৰ ওচৰত একগোট কৰা। মই তেওঁলোকক মোৰ কথা শুনিবলৈ দিম যাতে তেওঁলোকে এই পৃথিৱীত থাকোঁতে জীৱনৰ সকলো কালত মোকেই ভয় কৰি চলিব আৰু তেওঁলোকৰ সন্তান সকলকো মোৰ আজ্ঞাৰ বিষয়ে শিক্ষা দিব পাৰে।”
যি দিনা হোৰেব পর্বতত যিহোৱাই জুইৰ মাজৰ পৰা আপোনালোকক কথা কৈছিল, তেতিয়া আপোনালোকে তেওঁৰ কোনো আকাৰ দেখা পোৱা নাছিল; সেয়ে আপোনালোক নিজে অতি সাৱধান হওঁক।