সেয়ে ঈশ্বৰে লোকসকলক মৰুভুমিৰ মাজেৰে চূফ সাগৰলৈকে লৈ গ’ল। ইস্ৰায়েলী লোক সকলে যুদ্ধৰ বাবে সুসজ্জিত হৈ মিচৰ দেশৰ পৰা ওলাই গ’ল।
যাত্ৰা 14:9 - ইণ্ডিয়ান ৰিভাইচ ভাৰচন (IRV) আচামিচ - 2019 কিন্তু মিচৰীয়া লোক সকলে ঘোঁৰা, ৰথ, অশ্বাৰোহী, আৰু সৈন্যৰ সৈতে তেওঁলোকৰ পাছে পাছে খেদি গ’ল। বাল-চফোনৰ সন্মুখত পী-হহীৰোতৰ ওচৰৰ সাগৰৰ দাঁতিত ইস্রায়েলী লোকসকলে তম্বু তৰি থকা ঠাইত, তেওঁলোকে আগচি ধৰিলে। |
সেয়ে ঈশ্বৰে লোকসকলক মৰুভুমিৰ মাজেৰে চূফ সাগৰলৈকে লৈ গ’ল। ইস্ৰায়েলী লোক সকলে যুদ্ধৰ বাবে সুসজ্জিত হৈ মিচৰ দেশৰ পৰা ওলাই গ’ল।
“ইস্ৰায়েলী লোক সকলক কোৱা যে, তেওঁলোক ঘূৰি বাল-চফোনৰ সন্মুখত, মিগদোল আৰু সাগৰৰ মাজত, পী-হহীৰোতৰ আগত তম্বু তৰিব। তোমালোকে পী-হহীৰতৰ বিপৰীতে থকা সাগৰৰ দাঁতিত তম্বু তৰিবা।
শত্ৰুৱে কৈছিল, ‘মই পাছে পাছে খেদি যাম, মই আগ ভেটি ধৰিম, মই লুটদ্ৰব্য ভগাই ল’ম; মোৰ হাবিয়াহ তেওঁলোকৰ ওপৰত পূৰ হ’ব; মই তৰোৱাল উলিয়াম, মোৰ হাতে তেওঁলোকক সংহাৰ কৰিব।’
আৰু এথমৰ পৰা যাত্ৰা কৰি, বাল-চফোনৰ আগত থকা পী-হহীৰোতলৈ ঘূৰি আহি মিগদোলৰ সন্মুখত ছাউনি পাতিলে।
মই মিচৰৰ পৰা তোমালোকৰ পূর্ব পুৰুষ সকলক উলিয়াই অানিলো আৰু তোমালোকৰ সেই পুৰুষসকল আহি সমুদ্ৰ পালে; তেতিয়া মিচৰীয়া লোক সকলে ৰথ আৰু অশ্বাৰোহী সৈন্য লৈ, চূফ সাগৰলৈকে তোমালোকৰ পূর্ব পুৰুষ সকলৰ পাছে পাছে খেদি আহিছিল।