পাছত ইস্ৰায়েলে যোচেফক ক’লে, “চোৱা, মই এতিয়া প্ৰায় মৰিবলৈ ওলোৱাৰ নিচিনা; কিন্তু ঈশ্বৰ তোমালোকৰ সঙ্গী হ’ব, আৰু তোমালোকক পুনৰায় তোমালোকৰ ওপৰ-পিতৃসকলৰ দেশলৈ লৈ যাব।
যাত্ৰা 13:19 - ইণ্ডিয়ান ৰিভাইচ ভাৰচন (IRV) আচামিচ - 2019 মোচিয়ে যোচেফৰ অস্থিকো নিজৰ লগত ল’লে; কিয়নো যোচেফে ইস্ৰায়েলী লোকসকলক শপত খুৱাই কৈছিল, “ঈশ্বৰে আপোনালোকক নিশ্চয় উদ্ধাৰ কৰিব আৰু আপোনালোকে তেতিয়া মোৰ অস্থিক আপোনালোকৰ লগত লৈ যাব।” |
পাছত ইস্ৰায়েলে যোচেফক ক’লে, “চোৱা, মই এতিয়া প্ৰায় মৰিবলৈ ওলোৱাৰ নিচিনা; কিন্তু ঈশ্বৰ তোমালোকৰ সঙ্গী হ’ব, আৰু তোমালোকক পুনৰায় তোমালোকৰ ওপৰ-পিতৃসকলৰ দেশলৈ লৈ যাব।
তেতিয়া লোকসকলে বিশ্বাস কৰিলে। যিহোৱাই যে ইস্ৰায়েলী লোক সকললৈ দৃষ্টি কৰিলে; আৰু তেওঁলোকৰ যাতনাবোৰ চালে, সেই কথা শুনি তেওঁলোকে মূৰ দোঁৱাই প্রণিপাত কৰি ঈশ্বৰৰ আৰাধনা কৰিলে।
তাতে ওচৰ চুবুৰীয়া আৰু আত্মীয় স্বজনে যেতিয়া শুনিলে যে প্ৰভুৱে তেওঁৰ প্রতি দয়া কৰিলে, তেতিয়া সকলোৱে তেওঁৰে সৈতে আনন্দ কৰিলে।
ইয়াকে দেখি সকলোৰে ভয় লাগিল আৰু ঈশ্বৰৰ স্তুতি কৰি তেওঁলোকে কবলৈ ধৰিলে, “আমাৰ মাজত এজন মহান ভাৱবাদী ওলাল, আৰু ঈশ্বৰে তেওঁৰ মানুহবোৰলৈ দৃষ্টি কৰিলে৷”
তেওঁলোকৰ দেহ চিখিমলৈ নি মৈদাম দিয়া হ’ল; সেই মৈদাম অব্ৰাহামে চিখিমত হমোৰৰ পুতেকহঁতৰ পৰা ধন দি কিনিছিল।
বিশ্বাসৰ দ্বাৰাই যোচেফে অন্তিম কালত মিচৰ দেশৰ পৰা ইস্ৰায়েলৰ সন্তান সকলক ওলাই যোৱাৰ বিষয়ে উল্লেখ কৰিলে, আৰু নিজৰ অস্থিৰ বিষয়ে আদেশ দিলে।
ইস্ৰায়েলৰ সন্তান সকলে মিচৰ দেশৰ পৰা অনা যোচেফৰ অস্থিবোৰ চিখিমত এডোখৰ মাটিত মৈদাম দিলে, যি মাটি যাকোবে চিখিমৰ বাপেক হমোৰৰ পুতেকহঁতৰ পৰা এশ ৰূপ দি কিনি লৈছিল; আৰু সেয়ে যোচেফৰ সন্তান সকলৰ উত্তৰাধিকাৰ হ’ল।